/asomiyapratidin/media/media_files/2025/07/11/375-2025-07-11-16-27-59.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ আটানি উন্নয়ন খণ্ড আৰু বালাজান উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ সভাপতি পদৰ বাচনিৰ বাবে আজি এখন সভা অনুষ্ঠিত কৰাৰ বাবে দিন ধাৰ্য কৰা হয়।
ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়া গোকুল ব্ৰহ্মৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা আজিৰ সভাখনত জিলাখনৰ আটানি উন্নয়ন খণ্ড আৰু বালাজান উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ সভাপতি পদৰ বাছনিৰ বাবে সভাখন অনুষ্ঠিত কৰা হয় যদিও আজি আটানি উন্নয়ন খণ্ডৰ অধীনস্থ নিৰ্বাচিত গাওঁ পঞ্চায়তৰ সদস্য-সদস্যাসকল অনুপস্থিত থকাত আটানি উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ সভাপতি পদৰ বাছনি প্ৰক্ৰিয়া স্থগিত ৰখা হয়।
ইয়াৰ বিপৰীতে আজি বালাজান উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ সভাপতি পদৰ বাচনি প্ৰক্ৰিয়া সুকলমে সম্পন্ন হোৱাৰ লগতে বালাজান উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে ৰেবিনা সৰকাৰ নিৰ্বাচিত হয়। একেদৰে উপ-সভাপতি হিচাপে মনজুৰ আলম আহমেদক ১৭ গৰাকীকৈ সদস্যই সমৰ্থন জনাই বাছনি কৰে- এই কথা সদৰী কৰে ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়া গোকুল ব্ৰহ্মই।