অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুমতি নোহোৱাকৈ বোকাখাতৰ লতাবাৰীত নিৰ্মাণ কৰা হৈছিল ডাম্পিং গ্ৰাউণ্ড...

অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুমতি নোহোৱাকৈ বোকাখাতৰ লতাবাৰীত নিৰ্মাণ কৰা হৈছিল ডাম্পিং গ্ৰাউণ্ড...

author-image
Asomiya Pratidin
New Update
অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুমতি নোহোৱাকৈ বোকাখাতৰ লতাবাৰীত নিৰ্মাণ কৰা হৈছিল ডাম্পিং গ্ৰাউণ্ড...

ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙাৰেই হৃদপৃণ্ড বুলি পৰিচিত ডিফলু নদীলৈ ভয়াবহ ভাবুকি কঢ়িয়াই অনা বোকাখাতৰ লতাবাৰীস্থিত ডাম্পিং গাউণ্ডটো নিৰ্মাণৰ বাবে লোৱা হোৱা নাছিল কোনো চৰকাৰী নাছিল অনুমতি। এই ডাম্পিং গাউণ্ডটো নিৰ্মাণৰ বাবে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা কোনো অনুমতি লোৱা নাছিল তদানীন্তন বোকাখাত পৌৰ নিগমে ।

Advertisment

এই ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বোকাখাত পৌৰ নিগমৰ পৰা পোৱা নাছিল কোনো পত্ৰ। ইফালে এই ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণৰ লগে লগেই বোকাখাত পৌৰ নিগমে ভংগ কৰিছিল Solid Waste Management Rules (SWMR), 2016. এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে RTI তথা পৰিৱেশ কৰ্মী ৰুহিত চৌধুৰীয়ে। অসম চৰকাৰৰ মুখ্য সচিবলৈ শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰি ২৯.০৮.২৪ তাৰিখে প্ৰেৰণ কৰা এখন পত্ৰত এই তথ্য প্ৰকাশ কৰিছে RTI কৰ্মীজনে।

উল্লেখযোগ্য যে বোকাখাত নগৰখনক বিষাক্ত আবৰ্জনাৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত ২০১৬-১৭ চনত নিৰ্মাণ কৰা হৈছিল বোকাখাত পৌৰ নিগম আবণ্টিত ৫ বিঘা মাটিত এই ডাম্পিং গ্ৰাউণ্ডটোৰ। ব্যয় কৰা হৈছিল নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা উন্নয়ণ পুঁজিৰ ১কোটি ৫২ লাখ ৭৪ হাজাৰ টকা।

অৰ্থাৎ অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ কোনো অনুমতি নোহোৱাকৈয়ে বোকাখাতৰ লতাবাৰীত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ নামত বোকাখাত পৌৰ নিগমৰ একাংশ কৰ্মচাৰী, দৰ্শন গোঁহাই আৰু জ্যোতিৰ্ময়ী বৰদলৈ নামৰ দুজন ঠিকাদাৰে সৰকাই নিলে এই বৃহৎ পৰিমানৰ ধনৰাশি। আনহাতে ১কোটি ৫২ লাখ ৭৪ হাজাৰ টকা ব্যয় সাপেক্ষে স্থাপন কৰা এই ডাম্পিং গ্ৰাউণ্ডটোৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল মন্ত্ৰী অতুল বৰাই। আৰু কোৱা হৈছিল ইয়াত বৈজ্ঞানিক ভাৱে জাবৰ নিষ্কাষণ কৰাৰ উপৰিও তৈয়াৰ কৰা হ'ব জৈৱিক সাৰ, কোৱা হৈছিল বিদ্যুতৰ ব্যৱস্থা আৰু সৌন্দৰ্য বৰ্ধনৰো ব্যৱস্থা কৰা হ'ব কিন্তু এই সকলো প্ৰতিশ্ৰুতি অসাৰ কৰি একোয়েই হৈ নুঠিল এই ডাম্পিং গ্ৰাউণ্ডটোত।

এতিয়া মাত্ৰ এটি অচল জাবৰ নিষ্কাষণ মেচিনহে সাক্ষী হৈ আছে উক্ত প্ৰকল্পটোত। শেহতীয়াকৈ RTI কৰ্মী ৰুহিত চৌধুৰীয়ে RTI যোগে বিস্ফোৰক তথ্যসমূহ প্ৰকাশ কৰাৰ পিছত প্ৰশ্ন হৈছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুমতি নোহোৱাকৈ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ "ইক' চেনচিটিভ জ'ন"ৰ মাজত কেনেকৈ এটা ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছিল? লগতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুমতি নোহোৱাকৈ নিৰ্মাণ কৰা ডাম্পিং গ্ৰাউণ্ডটোৰ আধাৰশিলা স্থাপন কৰিবলৈ যাওঁতে মন্ত্ৰী অতুল বৰাৰ জ্ঞাত নাছিলনে এই তথ্য নে নিৰ্মাণকাৰী দুই ঠিকাদাৰ, তদানীন্তন পৌৰ নিগমৰ একাংশ কৰ্মচাৰীৰ লগত গোপন বুজাবুজি আছিল মন্ত্ৰী অতুল বৰাৰ?

অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড