আৰক্ষীলৈ ভয় নাই ! থানাৰ সন্মুখৰ পৰাই ডাম্পাৰ চোৰ কৰিলে চোৰে...

আৰক্ষীলৈ ভয় নাই ! থানাৰ সন্মুখৰ পৰাই ডাম্পাৰ চোৰ কৰিলে চোৰে

author-image
Asomiya Pratidin
New Update
আৰক্ষীলৈ ভয় নাই ! থানাৰ সন্মুখৰ পৰাই ডাম্পাৰ চোৰ কৰিলে চোৰে...

আৰক্ষীলৈ ভয় নাই ! থানাৰ সন্মুখৰ পৰাই ডাম্পাৰ চোৰ কৰিলে চোৰে

ডিজিটেল সংবাদ নগাঁও : এইবাৰ খোদ থানাৰ সন্মূখৰ পৰা গাড়ী চুৰি ৷ চোৰে লৈ গ'ল এখন ডাম্পাৰ ৷ এই ঘটনা সংঘটিত হৈছে নগাঁৱত ৷

নগাঁৱৰ কঠিয়াতলি আৰক্ষী থানাৰ সন্মুখৰ পৰা চোৰে চুৰি কৰি নিয়ে এখন ডাম্পাৰ ৷ চুৰি হোৱা ডাম্পাৰখনৰ নম্বৰ হৈছে এ এছ ০৯ এ চি ৮৬২১ ৷

থানাৰ সন্মুখত ৰখাই থোৱা ডাম্পাৰখন চুৰি হোৱা ঘটনাই কঠিয়াতলিত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা ২৫ নবেম্বৰৰ নিশা ডাম্পাৰখন চুৰি হোৱাৰ পিছত আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে যদিও আৰক্ষীয়ে চুৰি হোৱা গাড়ীখনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

অভিযোগ মতে কঠিয়াতলিত সঘনে চুৰি ডকাইতি কাৰ্য সংঘটিত হৈ আছে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্হা গ্ৰহণ কৰিব পৰা নাই ৷ সাধাৰন লোকক নিৰাপত্তা প্ৰদানত কঠিয়াতলি আৰক্ষী চূড়ান্ত ভাবে ব্যৰ্থ হৈছে ৷

ক্লিক কৰি পঢ়কঃ পুৰীৰ ৰথ যাত্ৰাই লাভ কৰিব ইউনেস্কোৰ স্বীকৃতি !

ডাম্পাৰ চুৰি নগাওঁ অসম আৰক্ষী