কাইলৈৰ পৰা মুকলি হ'ব কেদাৰনাথ মন্দিৰৰ দুৱাৰ

শুকুৰবাৰৰ পৰা ভক্তৰ বাবে মুকলি হ'ব কেদাৰনাথ মন্দিৰৰ দুৱাৰ। ​​পুৱা ৭ বজাত বৃষ লগ্নত ভক্তৰ বাবে মুকলি কৰা হ'ব মন্দিৰ ভাগ। ধামৰ দুৱাৰ খোলাৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে।

author-image
Asomiya Pratidin
New Update
অসমৰ জাপিৰে সজাইছে কেদাৰনাথ মন্দিৰ

অসমৰ জাপিৰে সজাইছে কেদাৰনাথ মন্দিৰ

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা ভক্তৰ বাবে মুকলি হ'ব কেদাৰনাথ মন্দিৰৰ দুৱাৰ। ​​পুৱা ৭ বজাত বৃষ লগ্নত ভক্তৰ বাবে মুকলি কৰা হ'ব মন্দিৰ ভাগ। ধামৰ দুৱাৰ খোলাৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। ১০৮ কুইণ্টল ফুল আৰু মালাৰে সজাই তোলা হৈছে মন্দিৰভাগ। অসমৰ পৰা নিয়া এক ডজন জাপিৰে সজোৱা হৈছে কেদাৰনাথ মন্দিৰৰ সন্মুখ।

Advertisment

ইফালে, দুৱাৰ খোলা ক্ষণৰ সাক্ষী হ’বলৈ সন্ধিয়াৰ ভিতৰত দহ হাজাৰৰো অধিক ভক্তই মন্দিৰত উপস্থিত হয়। যাৰবাবে কেদাৰনাথত চৰকাৰ, প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীও মোতায়েন কৰা হৈছে। বৃহস্পতিবাৰে জিলা দণ্ডাধীশ ডাঃ সৌৰভ গহৰৱাৰ, আৰক্ষী অধীক্ষক অক্ষয় প্ৰহ্লাদ কণ্ডে কেদাৰনাথত উপস্থিত হয়। বিষয়াসকলে কেদাৰনাথ ধামত কৰা সকলো প্ৰস্তুতিৰ বুজ লৈ তাত নিয়োজিত বিষয়া-কৰ্মচাৰীক প্ৰয়োজনীয় নিৰ্দেশনা দিছিল।

একে সময়তে শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া বিজয় প্ৰসাদ থাপলিয়ালেও কেদাৰনাথত উপস্থিত হৈছে। তেওঁ সদৰি কৰে যে, শুকুৰবাৰে পুৱা ৭ বজাৰ বৃষ লগ্নত কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হ’ব। ইয়াৰ পিছত ছমাহৰ বাবে বাবা কেদাৰৰ ভক্তসকলে ধামত পূজা-অৰ্চনা কৰিব পাৰিব। উল্লেখযোগ্য যে, দুৱাৰ খোলাৰ পিছত দৰ্শনৰ বাবে টোকেন ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।

কেদাৰনাথ