কাকীত ডিমৰু মহোৎসৱৰ আয়োজন...

উদ্যক্তাই জনোৱা অনুসৰি অহা ২১,২২আৰু ২৩ মাৰ্চত আয়োজন হ'ব লগা ডিমৰু মহোৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।

author-image
Asomiya Pratidin
New Update
হোজাই

ডিজিটেল সংবাদ, লংকা : হোজাই জিলাৰ অন্তৰ্গত লংকাৰ কাকীত তিনিদিনীয়া কাৰ্যসূচীৰে ডিমৰু মহোৎসৱৰ আয়োজন কৰা হৈছে। উদ্যক্তাই জনোৱা অনুসৰি অহা ২১,২২আৰু ২৩ মাৰ্চত আয়োজন হ'ব লগা ডিমৰু মহোৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।

Advertisment

ক্ষুদ্ৰ অসম বুলি কোৱা কাকীক ডিমৰু মহোৎসৱ জাতি- জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰিব কাকীতে বসতি কৰা ২৩ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আৰু তাৰেই চলিছে আখৰা । প্ৰথম দুদিনত বিভিন্ন সাংস্কৃতিক আৰু সাংগঠনিক অনুষ্ঠানৰ অন্তত ২৩ মাৰ্চত দিনত মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী।

আনহাতে নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠানেৰে সামৰণি পৰিব ডিমৰু মহোৎসৱ।

hojai lanka