/asomiyapratidin/media/media_files/2025/05/16/eBrn92f2UQ3XzHrc9ssP.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঐতিহাসিক শক্তিপীঠ মা মহামায়া মন্দিৰ সংযোগী পথচোৱা জৰাজীৰ্ণ হৈ পৰিছে। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাত হোৱাৰ ফলত এজাক বৰষুণতে পুখুৰী সদৃশ হৈছে পথছোৱা।
পথটো বছৰ বছৰ ধৰি মেৰামতি নোহোৱাৰ ফলত বিধ্বস্ত হোৱাত মন্দিৰলৈ অহা দর্শনাৰ্থী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, প্ৰায় ৩০ খনৰো অধিক গাঁও ৰাইজে চিকিৎসা সেৱাৰ লগতে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে।
এই সদাব্যস্ত পথচোৱা মেৰামতি কৰি দিয়াৰ বাবে বিটিআৰ প্ৰধান প্রমোদ বড়োক বহু বাৰ আবেদন নিবেদন কৰাৰ পিছতো কোন সুফল লাভ নকৰিলে স্থানীয় ৰাইজে। সেয়ে স্থানীয় ৰাইজে অসম চৰকাৰৰ অতি সোনকালে পথটো পুনৰ দুই লেন যুক্ত নিৰ্মাণ কৰি দিয়াৰ বাবে দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us