নাৰেংগী-নলতলি সংযোগী ৰাজ্যিক ঘাইপথৰ বিধ্বস্ত ৰূপ

গুৱাহাটীৰ নাৰেংগী আৰু কলিয়াবৰৰ নলতলি সংযোগী ৰাজ্যিক ঘাইপথে শেহতীয়াকৈ ধাৰণ কৰিছে জৰাজীৰ্ণ ৰূপ । ৰাজ্যিক ঘাইপথ-৩ হিচাপে বিবেচিত ১৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এইটো এটা অসমৰ অন্যতম ব্যস্ত পথ । 

author-image
Asomiya Pratidin
New Update
poth

ডিজিটেল সংবাদ, বেবেজীয়া : গুৱাহাটীৰ নাৰেংগী আৰু কলিয়াবৰৰ নলতলি সংযোগী ৰাজ্যিক ঘাইপথে শেহতীয়াকৈ ধাৰণ কৰিছে জৰাজীৰ্ণ ৰূপ । ৰাজ্যিক ঘাইপথ-৩ হিচাপে বিবেচিত ১৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এইটো এটা অসমৰ অন্যতম ব্যস্ত পথ । 

Advertisment

বিভাগীয় অমনোযোগিতা আৰু মেৰামতিৰ অভাৱত এই পথটোৱে এতিয়া ঠায়ে ঠায়ে বিধ্বস্ত ৰূপ লৈছে । বিশেষকৈ নগাঁও জিলাৰ জামুগুৰি-নমাটি গাঁৱৰ সীমামূৰীয়া অংশত পথটোৰ অৱস্থা তথৈবচ । 

জামুগুৰি-কুঁজিদাহ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা দুশ মিটাৰ দূৰত্বৰ দুটাকৈ স্থানত পথটোত সৃষ্টি হৈছে একাধিক গাঁতৰ । শেহতীয়াকৈ এই গাঁতসমূহ একো একোটা পুখুৰীলৈ পৰ্যবসিত হৈছে । যাৰ বাবে এতিয়া পথচাৰী আৰু যান-বাহনৰ যাতায়তৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হৈছে । 

গুৱাহাটীৰ পৰা নলতলি দিশত অহা পথচাৰী এই অংশত সাৱধান নহ'লে বিপদ অনিবাৰ্য । দুচকীয়া বাহনৰ আৰোহীয়ে যদি এই অংশৰ গাঁতলৈ লক্ষ্য নকৰে তেন্তে কৰ্ফাল খাই ক'ত পৰিব সেয়া কল্পনাৰো অতীত । 

poth

একেদৰে আন পাতল, মজলীয়া আৰু গধুৰ যান-বাহনৰ চকা এই গাঁতত পৰিলে বিকল হোৱাটোও নিশ্চিত । সমাগত বাৰিষা বা বৰষুণৰ সময়ত যদি এই স্থান পানীৰে পৰিপূৰ্ণ হৈ থাকে তেন্তে ভাবক ইয়াৰ পৰিণাম কিমান ভয়াবহ হ'ব । 

ইতিমধ্যে এই গাঁতে সংঘটিত কৰিছে কেইবাটাও পথ দুৰ্ঘটনা । আঘাতপ্ৰাপ্ত আৰু ঘূণীয়া হৈছে বহুজন । অসমৰ ৰাজ্যিক ঘাইপথ সমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ পথ হৈছে নাৰেংগী-নলতলি সংযোগী পথটো । কিন্তু সদাব্যস্ত পথটো এতিয়া পথচাৰীৰ বাবে মৰণফান্দলৈহে পৰিণত হৈছে । 

তদুপৰি পথটোৰ জামুগুৰি-নমাটি অংশৰ লগতে নগাঁৱৰ ভালুকমাৰী আৰু গান্ধীবড়ি অংশতো সৃষ্টি হৈছে বহুকেইটা গাঁতৰ । পথটোত থকা একাধিক দলঙৰো বহি গৈছে দুই মূৰসংযোগী অংশ । সেয়ে এই পথটোৰ শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোকনিৰ্মাণ(পথ) বিভাগক দাবী জনাইছে মধ্য অসমৰ ৰাইজে ।

বেবেজীয়া