/asomiyapratidin/media/media_files/2025/06/24/230-2025-06-24-09-29-58.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰত চৰকাৰী আঁচনি ৰূপায়নৰ নামত জ্ঞানী মূৰ্খৰ দৰে কাম কৰিবলৈ লৈছে একাংশ ঠিকাদাৰ আৰু একাংশ বিভাগে। ভৰ ভাৰিষাত আঁচনি ৰূপায়নৰ নামত ৰাইজক সকাহ দিয়াৰ সলনি জীয়াতুহে ভোগাইছে একাংশ ঠিকদাৰে ।
পথ বহল কৰাৰ নামত পূৰ্বৰ সূচল গড়কাপ্তানি পকী পথ বিধ্বস্ত কৰি যাতায়তৰ বাবে তেনেই অনুপযোগী কৰি তোলাত ভুক্তভোগী ৰাইজৰ মাজত এতিয়া তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে-গহপুৰ পৌৰসভাৰ অন্তৰ্গত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সমীপৰ পৰা গোহাঁই চুক সংযোগী গড়কাপ্তানি পথছোৱা বহল কৰা নামত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগে জ্ঞানী মূৰ্খৰ দৰে কাম কৰাত স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উক্ত পথছোৱা পূৰ্বতে আছিল এটা পকী পথ। চলিত বাৰিষাৰ আৰম্ভ হোৱাৰ আগে আগে পথছোৱা বহল কৰাৰ নামত ওপৰৰ পকী অংশ সমূহ এৰুৱাই পেলালে ঠিকাদাৰে। কিন্তু সংশ্লিষ্ট ঠিকাদাৰে বাৰিষাৰ পূৰ্বে পথছোৱা নতুনকৈ পকীকৰণ নকৰাৰ ফলত এতিয়া এজাক বৰষুণতে বোকাময় হৈ পৰিছে গোটেই পথছোৱা।
চলিত বাৰিষাত এৰা -ধৰাকৈ দি অহা বৰষুণৰ ফলত উক্ত পথছোৱা সমূলি যাতায়তৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হৈছে ।উল্লেখযোগ্য যে-গহপুৰ পৌৰসভাৰ ভিতৰতে অতিকৈ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ হিচাপে পৰিচিত এই পথটোৰে ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়,গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়,গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত,গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্য্যলয়,গহপুৰ মহকুমা জনস্বাস্থ্য বিষয়াৰ কাৰ্য্যলয়,গহপুৰ খণ্ড বন বিষয়াৰ কাৰ্য্যলয়, ছয়দুৱাৰ প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্য্যলয় আৰু গহপুৰ ৰে'লৱে ষ্টেচনকে ধৰি বহু গুৰুত্বপূৰ্ণ স্থানলৈ যাব পাৰে।
তেনেক্ষেত্ৰত পূৰ্বৰ সূচল পথছোৱা পুনৰ মেৰামতিৰ নামত এই ভৰ বাৰিষাত যাতায়তৰ অনুপযোগী কৰি তোলাত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । এটা সূচল পথক এনেদৰে যাতায়তৰ অনুপযোগী কৰি তুলি ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগে এই ভৰ বাৰিষাত ৰং চোৱা বুলিহে মন্তব্য কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে।
ৰাইজক যমৰ যাতনাত ভুগিবলৈ বাধ্য কৰোৱা এনেধৰণৰ আঁচনিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বিশ্বনাথ জিলা প্ৰশাসন কিম্বা গহপুৰ সমজিলা প্ৰশাসনৰ কৰণীয় একো নাই বুলি প্ৰশ্ন কৰিবলৈ বাধ্য হৈ পৰিছে গহপুৰৰ নগৰৰ সচেতন ৰাইজ ।