/asomiyapratidin/media/media_files/2025/05/02/RsSH9hHDcT1yo8m6N7s0.jpg)
মৰ্মান্তিক
ডিজিটেল সংবাদ, ঢকুৱাখনা: এগৰাকী বিনয়ী শিক্ষাগুৰু। নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ প্ৰতি কেতিয়াও অৱহেলা হেমাহী নকৰে এইগৰাকী শিক্ষাগুৰুৱে । নিজৰ ৰোগীয়া দেহাৰেই যৎপৰোনাস্তি চৰকাৰী দায়িত্ব পালনত মনোনিবেশ কৰি যোৱা এইগৰাকী শিক্ষাগুৰুৱে শুকুৰবাৰে সদ্য সমাপ্তি ঘটা পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব পালিবলৈ সাজু হৈ সাৱটিব লগা হয় মৰ্মান্তিক মৃত্যুক।
ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত সুঁতিমুখ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ্মেশ্বৰ দাস সুদীর্ঘ দিন ধৰি আক্ৰান্ত হৈ আছিল হৃদৰোগৰ লগতে মধুমেহ ৰোগত । দীৰ্ঘদিনীয়া চিকিৎসা গ্ৰহণ কৰি থকা এইগৰাকী চৰকাৰী কৰ্মচাৰীক ঢকুৱাখনা সমজিলা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিয়োগ কৰিছিল দ্বিতীয় পুলিং হিচাপে। নিৰ্বাচনী বিভাগৰ এই নিযুক্তি পত্ৰ লাভ কৰি দাসে ঢকুৱাখনা সমজিলাৰ নিৰ্বাচনী বিভাগক নিজৰ স্বাস্থ্যৰ জটিলতা আৰু শেহতীয়াভাবে সন্মুখীন হৈ অহা সঘন শাৰীৰিক সমস্যাৰ সন্দৰ্ভত লিখিত আবেদন দাখিল কৰি এই দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ আহ্বান জনাইছিল । কিন্তু কোনো সুদুত্তৰ লাভ নকৰিলে।
দাসে ৰোগীয়া দেহাৰেই ঘিলামৰাত নিৰ্বাচনী কৰ্তব্যৰ বাবে ৰাওনা হোৱাৰ সিদ্ধান্ত লৈ যাবতীয় সামগ্ৰী সাজু কৰি ৩০ এপ্ৰিলৰ নিশা শুবলৈ বিছনাত পৰিছিল। পত্নীৰ পৰা দৈনন্দিন গ্ৰহণ কৰি অহা দৰব খাই , বেগত পৰৱৰ্তী দিনৰ বাবে দৰব বান্ধি লৈ চিন্তান্বিত হৈ শুই পৰা দাসে পাছদিনা সন্মুখীন হ'ব লগা পৰিস্থিতিৰ চিন্তাত নিমগ্ন হয়! নিৰ্বাচনী গুৰু দায়িত্বলৈ গভীৰ ভাৱে চিন্তিত দাসে এনে সময়তে শাৰীৰিক অসুস্থতাত ভোগে। পত্নী ,আত্মীয় স্বজনে ক্ষীপ্ৰতাৰে দাসক ঢকুৱাখনা অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যবস্থা কৰে। হৃদৰোগত আক্ৰান্ত হোৱা বুলি আশংকা কৰি চিকিৎসকে চিকিৎসা কৰি থাকোতে পৰিয়ালবৰ্গই জৰুৰীকালীন চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ ব্যৱস্থা কৰোতেই শিক্ষক গৰাকীয়ে অকাল মৃত্যুক সাৱটি লয়।
দুটি নাবালিকা কিশোৰীসহ পত্নী, আত্মীয়ক নিথৰুৱা কৰি যোৱা অমায়িক শিক্ষক দাসৰ এনে মৰ্মান্তিক বিয়োগৰ খবৰে শোকাকুল কৰি তুলিছে গৃহভূমি, সুঁতিমুখ নিম্ন প্ৰাথমিক বিদ্যালয় পৰিয়ালৰ লগতে পশ্চিম ঢকুৱাখনা অঞ্চল । ৰোগীয়া অৱস্থাৰে নিৰ্বাচনৰ কৰ্তব্য আগবঢ়াবলৈ সাজু হবলৈ পাই গভীৰ চিন্তাই জুমুৰী দি ধৰাৰ বাবেই দাস হৃদৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটা বুলি আত্মীয় স্বজনে দুখেৰে জানিবলৈ দিলে। উল্লেখযোগ্য যে সুঁতিমুখ গাঁওৰ বাসিন্দা দাসে সুঁতিমুখ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাবে যোৱা বর্ষৰ ডিচেম্বৰ মাহত দায়িত্ব গ্ৰহণ কৰিছিল ।
ইফালে, পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি দাসৰ এনে অকাল বিয়োগৰ পাছত দুটি কিশোৰী সহ পত্নীৰ ভৱিষ্যত অন্ধকাৰাচন্ন হৈ পৰিছে। প্ৰয়াত শিক্ষাগুৰু দাসৰ শুভাকাংশীসকলে নিৰ্বাচনী কৰ্তব্যত নিযুক্ত দাসৰ এই কৰুণ মৃত্যুত নিথৰুৱা হোৱা পৰিয়ালটোলৈ এককালীন বিত্তীয় সাহাৰ্য প্ৰদান কৰাৰ আহ্বান জনাইছে ৰাজ্যিক নিৰ্বাচনী আয়োগক।