অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত যুৱকৰ মৃত্যু

অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছামিউল হক আৰু নাই। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত মঙলবাৰে বিয়লিৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ছামিউলে

author-image
Asomiya Pratidin
New Update
AP FOR WEB nandini

ডিজিটেল ডেস্ক : অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছামিউল হক আৰু নাই। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত মঙলবাৰে বিয়লিৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ছামিউলে। 

Advertisment

ইতিমধ্যে ছামিউলৰ এই অকাল বিয়োগক লৈ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকে অতি শীঘ্ৰে অভিযুক্ত নন্দিনী কাশ্যপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী তথা প্ৰশাসনক অনুৰোধ জনাইছে। 

তাৰোপৰি আৰক্ষীৰ শেহতীয়া ভূমিকাক লৈও প্ৰশ্ন তুলিছে একাংশই। দুৰ্ঘটনা সংঘটিত কৰি মুকলি আকাশৰ তলত ঘূৰি- ফুৰা নন্দিনী কাশ্যপৰ বাহনখন জব্দ কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰা কাৰ্যকো ধিক্কাৰ দিছে সচেতন লোক তথা ছামিউলৰ পৰিয়ালে। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, শুকুৰবাৰে পুৱতি নিশা নন্দিনী কাশ্যপৰ বাহনে খুন্দিয়াইছিল ছামিউল হক নামৰ যুৱকজনক। ইয়াৰ পাছতে যুৱকজনক ততাতৈয়াকৈ হাস্পতালত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰি এদল বিশেষজ্ঞ চিকিৎসক তত্বাৱধানত চিকিৎসা চলোৱা হৈছিল। ভৰি, মূৰ আদি গুৰুত্বপূৰ্ণ স্থানত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছামিউলে জীৱন- মৃত্যুৰে যুঁজি অৱশেষত হাস্পতালৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে। 

ইফালে এই ঘটনাৰ পাছত আন এটা কথা চৰ্চালৈ আহিছে। সেয়া হৈছে- ছামিউলৰ চিকিৎসাৰ খৰচ নন্দিনী কাশ্যপে বহন কৰিব বুলি উল্লেখ কৰিছিল যদিও এই পৰ্যন্ত অভিনেত্ৰীগৰাকীয়ে কোনো চিকিৎসা ব্যয় বহন কৰা নাই বুলি চৰ্চা চলিছে।

Assam police