/asomiyapratidin/media/media_files/2025/04/24/T8P0z8ukqvhWcIU0UzPQ.jpg)
দুলু আহমেদৰ বিৰুদ্ধে গোচৰ ৰুবুল আলীৰ
ডিজিটেল সংবাদ, হাজো : তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদৰ বিৰুদ্ধে হাজো আৰক্ষীত গোচৰ কংগ্ৰেছৰ সম্পাদক ৰুবুল আলীৰ। কিছু দিন পূৰ্বে কংগ্ৰেছ নেতাৰ পৰিয়ালক গৰু চোৰৰ লগত জড়িত থকা বুলি গুৰুতৰ অভিযোগ তুলিছিল দুলু আহমেদে। তাৰপিছতে দুলু আহমেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল হাজোৰ কংগ্ৰেছৰ নেতৃবৃন্দ।
দুলু আহমেদক তীব্ৰ প্ৰত্যহ্বান জনাই ৰুবুল আলীয়ে হাজো আৰক্ষীত দাখিল কৰিলে এজাহাৰ। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম যোগে দুলু আহমেদে কৰা অভিযোগ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ নেতৃত্বই। যদিহে গৰু চোৰ সন্দৰ্ভত দুলু আহমেদৰ হাতত প্ৰমাণ আছে তেনেহলে সম্পূৰ্ণ আৰক্ষীক অৱগত কৰাৰ পোষকতা কংগ্ৰেছ নেতা ৰুবুল আলীৰ। আৰক্ষীক সহযোগিতা নকৰি কংগ্ৰেছৰ নেতা-কৰ্মী পৰিয়ালক গৰু চোৰ আখ্যা দিয়া বিষয়টোৱে সামাজিক মান-মৰ্য্যাদাত আঘাত হনা বুলিও উল্লেখ কৰে ৰুবুল আলীয়ে।
আনহাতে তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদক সংযত হবলৈও সকীয়নী প্ৰদান কংগ্ৰেছৰ নেতা ৰুবুল আলীৰ। উল্লেখযোগ্য যে, নিৰ্বাচনৰ সময়ত দুই বিৰোধী শিবিৰৰ মাজত হোৱা খোৱা কামোৰাই কিছু আনন্দ দিছে শাসকীয় দল বিজেপিক।