/asomiyapratidin/media/media_files/2025/07/18/433-2025-07-18-16-59-52.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এটা সদাব্যস্ত ৰাজ্যিক ঘাইপথ। দৰাচলতে ঘাইপথ নহয় যেন মৰণফাণ্ডহে ! প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘৰ এই ঘাইপথেৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰীয়ে জীয়া যন্ত্ৰণা ভুগী যাতায়ত কৰি আহিছে সুদীর্ঘ সময় ধৰি।
ঢকুৱাখনা সমজিলাৰ লগতে মাজুলী জিলাৰ পথ যোগাযোগৰ অন্যতম হৃদপিণ্ড স্বৰূপ এই পথটোৰ এনে দুৰৱস্থা, দূৰ্গতিয়ে চৰম সীমা অতিক্ৰম কৰিছে । তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত ২০১৪ চনৰ ৬জানুৱাৰীত গোগামুখৰ পৰা ঘিলামৰাহৈ ঢকুৱাখনা সংযোগী প্ৰায় ৩৮ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা ৰাজ্যিক ঘাইপথলৈ উন্নীত কৰি আধাৰশিলা স্থাপন কৰা হৈছিল ।
অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত নিৰ্মিত এই গুৰুত্বপূৰ্ণ ৰাজ্যিক ঘাইপথৰ গোগামুখৰ পৰা ঘিলামৰা সংযোগী প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাই বৰ্তমানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মেচাৰ্ছ শিৱম কংষ্ট্ৰাকচনে যুটীয়াভাৱে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰা এই পথটোৱে এতিয়া বিপদসংকুল ৰূপ লৈ জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ।
ধেমাজি ৰাজ্যিক লোকনিৰ্মান (পথ) সংমণ্ডলৰ অধীনৰ প্ৰায় ১২ কিলোমিটাৰ পথ আৰু ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান (পথ) সংমণ্ডলৰ অধীনৰ প্ৰায় ৯ কিলোমিটাৰ পথ বিশিষ্ট এই সমগ্ৰ পথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত , ভাগি ছিগি উঁৱলি যোৱা পকী পথৰ বৃহৎ বৃহৎ অংশই দুই জিলাৰ পথ যাতায়ত বিপদাপন্ন কৰি তোলাই নহয়, জনজীৱন অতিষ্ঠ কৰি তুলিছে । প্ৰায় ২০ কিলোমিটাৰ পথৰ বৰদৈ , চুতীয়াকাৰী , নাহৰবাৰী ,লতাকহৈ গোগামুখ পৰ্যন্ত সৃষ্ট এনে ভগ্ন অংশত পৰি ইতিমধ্যে বহু পথ দুর্ঘটনা সংঘটিত হৈ আহিছে ।
বহুজন ঘুণীয়া হৈছে । ব্যক্তিগত- বাণিজ্যিক যান বাহন বহু পৰিমানে ক্ষতিগ্ৰস্ত হৈ আহিছে ব্যৱহাৰৰ অনুপযোগী এই পথেৰে যাতায়ত কৰি । দুই জিলা সদৰৰ পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা মুমূৰ্ষু ৰোগীয়ে যমৰ যন্ত্ৰণা ভোগীব লগা হয় এইপথেৰে যাতায়ত কৰি ।
বিগত প্ৰায় এটা বছৰ ধৰি অব্যাহত থকা এনে দুৰৱস্থাৰ স্থায়ী উপশম ঘটোৱাৰ প্ৰতি উদাসীন লোকনিৰ্মান বিভাগ । ঢকুৱাখনা সমজিলা প্ৰশাসন ,ধেমাজি জিলা প্ৰশাসন সকলোৱে পালি আহিছে মুক বধিৰৰ ভূমিকা ।
ধেমাজি পথ সংমণ্ডলৰ অধীনস্থ হ'লেও জিলাখনৰ পথ যাতায়তৰ ক্ষেত্ৰত প্ৰভাৱ নপৰা এই ঘাইপথৰ এনে জৰাজীৰ্ণ আৰু বিধ্বস্ত অৱস্থাৰে ঢকুৱাখনাৰ বিধায়ক নৱ দলে, সাংসদ প্ৰদান বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী সকলে যাতায়ত কৰে । কিন্তু বিলাসী বাহনৰ জুতি লৈ জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ উমান নোপোৱা এনেবোৰ বেপৰোৱা জনপ্ৰতিনিধি, আমোলাই সাধাৰণ নাগৰিকৰ এই দুৰ্বিসহ সমস্যাৰ সমাধানৰ প্ৰতি গুৰুত্ব দিবলৈ আঁহৰি নাই ।
পথটোৰ মেৰামতি অথবা পুনৰ নিৰ্মাণ কৰাৰ বাবে পুঁজি আবন্টন কৰাত ৰাজনৈতিক ,প্ৰশাসনিক শক্তি প্ৰয়োগৰ ক্ষেত্ৰত এইসকল হৈ পৰে কণা-বোবা । পৰিণতিত সীমাহীন দুখ যন্ত্ৰণাকো উপেক্ষা কৰি যাতায়ত অব্যাহত ৰাখি আহিছে নাগৰিকে ।
ঢকুৱাখনাবাসীৰ উমৈহতীয়া মেৰুদণ্ড স্বৰূপ এই ৰাজ্যিক ঘাইপথৰ এনে ভয়ংকৰ অৱস্থা দেখি ,শুনি ,জানিও তথাকথিত সামাজিক সংগঠন সমূহে জনস্বাৰ্থত এষাৰ মাত মাতিবলৈ হৈ পৰে শক্তিহীন । "আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা" বুলি গেৰুৱা বাহিনীয়ে আখ্যা দি অহা বিধায়ক নৱ দলেয়েও গ্ৰহণ কৰি অহা অন্ধমুনিৰ ভূমিকাৰ বাবেই মান্ধাতাযুগীয়া সমস্যাৰ মাজেৰে যাতায়ত কৰিব লগা হৈছে দুৰ্ভগীয়া জনসাধাৰণে ।
ৰাইজৰ দুখ ,যন্ত্ৰণা, অভাৱ ,সমস্যাৰ প্ৰতি উদাসীন এনেবোৰ আমোলা, প্ৰতিনিধি, সংগঠনৰ মৰটোপনিৰ বিপৰীতে ভুক্তভোগী ৰাইজৰ দাবী তৎকালে মেৰামতি অথবা পুনৰ নিৰ্মাণ কৰক এই জৰাজীৰ্ণ ঘাইপথ । অন্যথাই পঞ্জীভূত ক্ষোভ উজাৰি জনতা ওলাব ৰাজপথলৈ ।