দিল্লী পুলিচৰ হিবু আৰু ক্ৰীড়া তাৰকা চানুৰ চমকঃ প্ৰখ্যাত অভিনেতা আদিল হুছেইনৰ বলিষ্ঠ আলাপেৰে অন্ত পৰিল 'দ্যা কনক্লেভ-২০২২'

pratidin conclave
pratidin conclave

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ উদ্দেশ্যৰে দুদিনীয়াকৈ দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে অনুষ্ঠিত কৰা 'দ্যা কনক্লেভ-২০২২'ৰ দ্বিতীয়টো দিনত মুঠ ৫ খন আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আটাইকেইখন আলোচনা চক্ৰই আছিল অতি মনোজ্ঞ।

আজিৰ প্ৰথমখন আলোচনা- কিদৰে বৰ্ণ বৈষম্য আৰু সমস্যাৰ বিৰুদ্ধে মোকাবিলা কৰিব

দিল্লীকে ধৰি দেশৰ আন আন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীকে ধৰি বিভিন্ন লোকে প্ৰায়ে বৰ্ণ বৈষম্যৰ বলি হৈ অহাৰ কথা নতুন নহয়। প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে এনে বৰ্ণ বৈষম্যৰ ঘটনাই। এনে বৰ্ণ বৈষম্যৰ ঘটনাৰ পৰা কিদৰে ৰক্ষা পাব পাৰি সেই প্ৰশ্নৰ উত্তৰ দিলে দিল্লী আৰক্ষীৰ আয়ুক্ত ৰবিন হিবুৱে।

উত্তৰ পূৰ্বাঞ্চলীয় লোকে 'কিদৰে বৰ্ণ বৈষম্য আৰু সমস্যাৰ বিৰুদ্ধে মোকাবিলা কৰিব?' এই আলোচনাত অংশগ্ৰহণ কৰি ৰবিন হিবুৱে অভিজ্ঞতা আৰু নিজ চিন্তাৰে নিজা মতামত আগবঢ়ায়। প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞাই আঁতধৰা এই আলোচনা সত্ৰত তেওঁ কয়- উত্তৰ পূৰ্বাঞ্চল বহু সময়ত দুৰ্ভাগ্যজনক কাৰণত সংবাদ শিৰোনাম দখল কৰে। ভাৰতৰ মূল ভূখণ্ডৰ পৰা আমি ভৌগোলিক ভাৱে দূৰত্বত থকাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে দেশৰ অন্য প্ৰান্তৰ লোকসকল বৰ বিশেষ জ্ঞাত নহয়।

তেওঁ কয় উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ জীৱন ধাৰণ শৈলী, ভাষা ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে পৃথক। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীকে ধৰি অন্যান্য কৰ্মত নিয়োজিত হোৱা লোকসকলক বহিঃৰাজ্যলৈ যোৱাৰ পূৰ্বে দক্ষতাৰ কিছু প্ৰশিক্ষণ দিয়া হয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকক পৰ্যবেক্ষণত নৰখাত সেই দক্ষতাৰ প্ৰশিক্ষণৰ উদ্দেশ্য ব্যৰ্থ হয়।

তেওঁ বহিঃৰাজ্যত উত্তৰ পূৰ্বাঞ্চলীয় লোকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিবলৈ গৈ কয় যে, অসংগঠিত কাৰ্যপন্থা, পৰ্যবেক্ষণ ব্যৱস্থা, মূল সুঁতিৰ ভাৰতৰ সামাজিক ব্যৱস্থাৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল এতিয়াও অভ্যস্ত হ'বলৈ পৰা নাই। এই সমস্যা সমূহৰ পৰা মুক্ত হ'বলৈ শিক্ষাৰ্থী তথা অন্যান্য লোকসকলে সেই সেই ৰাজ্যত থকা নিজ ৰাজ্যৰ সংস্থা, সংগঠনৰ সৈতে যোগাযোগ ৰাখিব পাৰে বুলিও মন্তব্য কৰে।

তেওঁ ৩০ বছৰে আৰক্ষীত থাকি অৰ্জন কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে, বহু সময়ত নিজেও বৰ্ণ বৈষম্যকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। তেওঁ দেশৰ অন্য প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ ক্ষেত্ৰত কোনোবাখিনিত নিজৰো ভুল আছেনেকি বুলি মন্তব্য কৰি কয়, আমি দেশৰ অন্য প্ৰান্তৰ চহৰৰ সৈতে, সেই চহৰৰ পৰিৱেশ আৰু সমাজ ব্যৱস্থাৰ সৈতে মিলিব নোৱাৰো নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক য'তেই থাকে সেই অঞ্চলৰে ভাষা, সংস্কৃতি, জীৱন শৈলী আয়ত্ব কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে সেই অঞ্চলৰ লোকসকলকো উত্তৰ পূৰ্বাঞ্চলৰ ভাষা, সংস্কৃতি আৰু জীৱন শৈলীৰ ধাৰণা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। প্ৰয়োজনত তেওঁ উত্তৰ পূৰ্বৰ লোকক আন ৰাজ্যৰ সংস্কৃতিৰ লগত বিলীন হৈ যাবলৈ দিয়াৰ লগতে সময়ে সময়ে সেই সেই ৰাজ্যৰ লোকক বিহুকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ সৈতে জড়িত কৰি ল'বলৈও পৰামৰ্শ আগবঢ়ায়।

আনহাতে বহিঃৰাজ্যত থকা অসম ভৱন, অৰুণাচল ভৱন আদিৰ দৰে ভৱন বোৰেও উ্তৰ পূবৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ সমাধান কৰিব পাৰে বুলি উল্লেখ কৰি কয়, এই ভৱন বোৰ উত্তৰ পূৱৰ লোকসকলক সকলো সময়তে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ সাজু থাকিব লাগে। বিশেষকৈ স্বাস্থ্য জনিত কাৰণত বহিঃৰাজ্যলৈ যোৱা লোকক ৰক্ত দান, স্বাস্থ্য মিত্ৰ আদিৰ ব্যৱস্থা কৰি দিয়াত আগভাগ ল'ব লাগে।

আলোচনাৰ শেষত তেওঁ বৰ্ণ বৈষম্যৰ পৰা পৰিত্ৰাণ পাবলৈ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে পৰামৰ্শ আগবঢ়ায় কয় যে,- সকলো মানুহেই মানুহক ভাল পাই, তাৰ মাজতেই থাকে এনে একাংশ লোক থাকে যিয়ে বৰ্ণ বাদৰ পৃষ্ঠপোষকতা কৰে। ইয়াৰ অন্তৰালত সেই লোকসকলৰ শিক্ষাৰ আৰু সজাগতাৰ অভাৱ। সেয়ে তেনে লোকৰ কথাক গুৰুত্ব নিদিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়োজনত আইনৰ সহায় ল'বলৈও আহ্বান জনাই।

আনহাতে উগ্ৰ জাতীয়তাবাদে উত্তৰ পূৰ্বাঞ্চলীয় লোকক বহু ক্ষেত্ৰত বিপদত পেলোৱাৰ লগতে ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত পিছুৱাই ৰাখিছে নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,- উত্তৰ পূৰ্বাঞ্চলীয় লোকসকল যি পৰিৱেশত ডাঙৰ দীঘল হৈছে সেই পৰিৱেশে এই অঞ্চলৰ লোকসকলক সাংস্কৃতিক ভাৱে অধিক শক্তিশালী কৰিছে। ক'ৰবাত যদি আমি পিছ পৰি আছো সেয়া উগ্ৰ জাতীয়তাবাদৰ বাবে নহয়, আমাৰ নিজৰ ভুলৰ বাবেই হৈছে।

দ্বিতীয়খন আলোচনাৰ বিষয়- 'ড্ৰাগছ, সন্ত্ৰাসবাদ, ভূ-ৰাজনীতি আৰু উত্তৰ-পূৱ'

'কেৱল সমস্যাৰ কথা ক’লেই নহ’ব, উত্তৰ পূৰ্বাঞ্চলে দেশলৈ আগবঢ়োৱা অৱদানক প্ৰশংসাও কৰিব লাগিব।'- 'দ্যা কনক্লেভ-২০২২'ৰ দ্বিতীয় দিনটোৰ দ্বিতীয়খন আলোচনা সত্ৰত লেঃ জেঃ জি অ' চি, ইষ্টাৰ্ণ কমাণ্ড ৰাণা প্ৰতাপ কলিতাই 'ড্ৰাগছ, সন্ত্ৰাসবাদ, ভূ-ৰাজনীতি আৰু উত্তৰ-পূৱ' বিষয়ত এইদৰে মন্তব্য কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নীত হোৱা ড্ৰাগছ, সন্ত্ৰাসবাদ আদি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে উপস্থিত থাকে লেঃ জেঃ জি অ' চি, ইষ্টাৰ্ণ কমাণ্ড ৰাণা প্ৰতাপ কলিতা, চাইবাৰ ছিকিউৰিটি এক্সপাৰ্ট সুবিমল ভট্টাচাৰ্য, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আৰু বিশিষ্ট লেখক সঞ্জয় হাজৰিকা।

প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞাই আঁত ধৰা আলোচনাত ৰাণা প্ৰতাপ কলিতাই উত্তৰ পূৰ্বাঞ্চলে দেশলৈ আগবঢ়োৱা অৱদানক প্ৰশংসা কৰিব লাগে বুলি মন্তব্য কৰে। তেওঁ এই অঞ্চলটোৰ সুৰক্ষাৰ দিশটোৰ কথা উল্লেখ কৰি কয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে শিলিগুৰি কৰিডৰে এক বৃহৎ ভূমিকা পালন কৰে।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰসংগ উত্থাপন কৰি কয়, ভাৰত-বাংলাদেশ সীমান্ত অস্থিৰ। ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহকে ধৰি অবৈধ সামগ্ৰীৰ সৰবৰাহে উত্তৰ পূৰ্বাঞ্চলত ব্যাপক প্ৰভাৱ পেলাই আহিছে। তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা বৰ্তমান স্থিৰতালৈ আহিছে। যদি আমি ইয়াক স্থিৰতা কৰি ৰাখিব নোৱাৰো তেন্তে এয়া আমাৰেই বিফলতা হ'ব। অঞ্চলটোৰ জনগাঁথনিয়েও ইয়াত প্ৰভাৱ বিস্তাৰ কৰে।

আনহাতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয় য, অসমৰ বিদ্ৰোহী সমস্যা অতীত হ'ল। অসমৰ বাবে এতিয়া অপেক্ষা কৰি আছে সোণালী ভৱিষ্যতে। তেওঁৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰজি দেশৰ আন ৰাজ্যৰ সৈতে একেই। আমি এই সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব।

তেওঁ কয়,উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল সাধাৰণতে বিভিন্ন সমস্যাৰ সমাধানৰ বাবে আশাবাদী। সেয়েহে আমি সমস্যাসমূহ সমাধানৰ বাবে কাম কৰিব লাগে। আমি যোগাত্মক দিশবোৰৰ বিষয়ে অধিক কথা পাতিব লাগে। অসম আৰক্ষীৰ দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ।

ইফালে বিশিষ্ট লেখক সঞ্জয় হাজৰিকাই কয়, যোগাযোগ ব্যৱস্থা উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহু গুৰুত্বপূৰ্ণ। আমাক শান্তিৰ বাবে অধিক বুজাবুজিৰ প্ৰয়োজন। তেওঁ ক্ৰীড়া আৰু সংগীতৰ জৰিয়তে দেশক অধিক ঐক্যবদ্ধ কৰিব পাৰে। সেয়েহে উত্তৰ পূৰ্বাঞ্চলত ক্ৰীড়া আৰু সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য কৰে।

আনহাতে এই অঞ্চলটোৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত ভৌগলিক তথা জলবায়ু পৰিৱৰ্তনে বৃহৎ ভাবুকি কঢ়িয়াই আনিব বুলিও মন্তব্য কৰে। জলবায়ু পৰিৱৰ্তনৰ ফলত ইয়াৰ নদীসমূহৰ গভীৰতা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি কয় যে, নদী উন্নয়নৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰীৰ প্ৰয়োজন।

আনহাতে চাইবাৰ একক্সপাৰ্ট সুবিমল ভট্টাচাৰ্যই উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক অধিক সুযোগ দিয়াৰ পোষকতা কৰে। আলোচনাত অঞ্চলটোৰ বিদ্ৰোহী সমস্যা সমাধানৰ বাবে অভিভাৱকৰ ভূমিকাৰ প্ৰসংগৰ বিষয়ে উত্থাপন হোৱাৰ লগতে সমাজত শিক্ষিত যুৱ প্ৰজন্মৰ নেতৃত্বৰো পোষকতা কৰা হয়।

তৃতীয়খন আলোচনাৰ বিষয়- 'মহিলাৰ স্বাস্থ্য়, পুষ্টিহীনতা আৰু অসমৰ স্বাস্থ্য সেৱা'

'দ্যা কনক্লেভ-২০২২'ৰ দ্বিতীয় দিনটোৰ তৃতীয়খন আলোচনাৰ বিষয় আছিল 'মহিলাৰ স্বাস্থ্য়, পুষ্টিহীনতা আৰু অসমৰ স্বাস্থ্য সেৱা'। এই আলোচনাত অংশগ্ৰহণ কৰে সমাজ কৰ্মী মনিষা বেহেল,ইউনিচেফৰ ৰাজ্যিক মূৰব্বী ড০ মধুলিকা জনাথন আৰু প্ৰতীক্ষা হাস্পতালৰ সঞ্চালক ডাঃ প্ৰমোদ শৰ্মা।

নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই আঁত ধৰা অনুষ্ঠানটোত মধুলিকা জনাথনে কয় যে, কিশোৰীৰ স্বাস্থ্য সেৱাৰ ওপত বিনিয়োগ কৰাটো প্ৰয়োজন। এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পিছত স্বাস্থ্যৰ ওপৰত অগ্ৰাধিকাৰ পৰিৱৰ্তে কিশোৰী অৱস্থাতে স্বাস্থ্যৰ প্ৰতি সচেতন হৈ স্বাস্থ্যৱান হোৱাটো অতি প্ৰয়োজন।

তেওঁ কয়,মাতৃৰ স্বাস্থ্য মহিলাৰ অধিকাৰ। এগৰাকী মহিলা সন্তান জন্ম দিবলৈ স্বাস্থ্যৱান হ'ব লাগিব। মাতৃৰ স্বাস্থ্য বহুমাত্ৰিক। যদি আইনে নিৰ্ধাৰণ কৰি দিয়া বয়সৰ পূৰ্বেই ছোৱালী এজনীৰ বিয়া হ'লেও শৰীৰ গৰ্ভধাৰণৰ বাবে সাজু নহয়। এনে অৱস্থাত মাতৃত্ব অৰ্জন কৰিলে মাতৃ আৰু কেঁচুৱা দুয়োকে প্ৰভাৱিত কৰে। লিংগ বৈষম্যৰ বাবেও এনে হয়।

ইফালে উন্নত স্বাস্থ্য আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড০ মনিষা বেহালে কয়, "আমাক উন্নত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৱশ্যক। আমাক অধিক মানৱ সম্পদৰ প্ৰয়োজন। উন্নত স্বাস্থ্যৰ বাবে ভেষজ ঔষধৰ লাভালাভৰ ওপৰত শিক্ষা প্ৰদান কৰাটোৰ প্ৰয়োজনিয়তা আছে।"

আনহাতে তেওঁ কয় যে, শিশু আৰু মহিলাসকলে স্বাস্থ্যজনিত সমস্যাৰ অসমানুপাতিক বোজা বহন কৰে। তেওঁ পুৰুষ তান্ত্ৰিক সমাজৰ বিষয়ে ক'বলৈ গৈ কয়, যদি ৰাতি ল'ৰা বাহিৰলৈ যায়, ইয়াক স্বাভাৱিক বুলি গণ্য কৰা হয়, কিন্তু ছোৱালীৰ ক্ষেত্ৰত একেই নহয়। এইবোৰ পুৰুষতান্ত্ৰিক সমাজৰ কিছুমান উপাদান।

আন এগৰাকী সমল ব্যক্তি ড০ প্ৰমোদ শৰ্মাই কয় যে, আধুনিক ঔষধ বৃহৎ পৰিমাণে বৃদ্ধি কৰাত ব্যৰ্থ হৈছে আৰু বিশ্বৰ জনসংখ্যাৰ ৮০ শতাংশ লোকৰ মৌলিক সামগ্ৰীৰ অভাৱ আছে।

চতু্ৰ্থ আলোচনাৰ বিষয়- 'ক্ৰীড়া আন্তঃগাঁথনি আৰু উত্তৰ পূবৰ সম্ভাৱনিয়তা'

'ক্ৰীড়া আন্তঃগাঁথনি আৰু উত্তৰ পূবৰ সম্ভাৱনিয়তা' বিষয়ক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা এই মনোজ্ঞ আলোচনাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আঁতধৰা আলোচনা চক্ৰত অসমীয়া প্ৰতিদিনৰ ক্ৰীড়া সম্পাদক বিদ্যুৎ কলিতাই কয় যে, উত্তৰ পূৰ্বাঞ্চলবাসীয়ে পূৰ্বে ক্ৰিকেটক আদৰি লোৱা নাছিল। ক্ৰিকেটৰ পৰিৱৰ্তে ফুটবলকহে এই অঞ্চলৰ লোকে অগ্ৰাধিকাৰ দিছিল।

তেওঁ কয়, ’উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ক্ৰীড়াত উত্তেজনা ভাল পাই, সেয়ে ক্ৰিকেটতকৈ ফুটবলক অধিক ভাল পায়। তেওঁৰ মতে ক্ৰিটেৰ জনপ্ৰিয়তাই ভৱিষ্যতলেও উত্তৰ পূৰ্বাঞ্চলত বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব নোৱাৰে।

আনহাতে ভাৰতীয় ক্ৰীড়া জগতত আধিপত্য বিস্তাৰ কৰা মণিপুৰত খেলৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাৰ প্ৰসংগত মণিপুৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ উপ সঞ্চালক লাইশ্বাং অনিতা চানুৱে কয় যে,- মণিপুৰবাসী দেৱতাৰ বংশধৰ, ক্ৰীড়াৰ প্ৰতিভাও আমি দেৱতাৰ আশীৰ্বাদ ৰূপেই পোৱা। ৰাজ্যখনৰ পৰা বহু কেইগৰাকী ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলোৱাৰ লগতে অলিম্পিক পদক বিজয়ী কেইবাগৰাকী খেলুৱৈ দেশে লাভ কৰিছে।

ৰাজ্যখনত খেলৰ এনে এক পৰিৱেশ আৰু খেলুৱৈৰ প্ৰসংগত তেওঁ কয়, মণিপুৰৰ খেলুৱৈয়ে ধনৰ বাবে নেখেলে। তেওঁলোকে ৰাষ্ট্ৰৰ বাবেহে খেলে। উন্নত আন্তঃগাঁথনি নাই বুলি খেলৰ পৰা পিছুৱাই নাহে।

আনহাতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ পূব প্ৰান্তৰ গুৱাহাটী কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক সতীশ কে ছাৰহাদিয়ে ক্ৰীড়া আন্তঃগাঁথনিৰ প্ৰসংগত কয় যে, ক্ৰীড়া বিজ্ঞান উন্নত হৈছে। ইয়াৰ সুবিধা খেলুৱৈসকলক প্ৰদান কৰা হৈছে।

এই প্ৰসংগত বিদ্যুৎ কলিতাই কয় যে, ক্ৰীড়া আন্তঃগাঁথনি মানে ষ্টেডিয়াম নহয়। আধুনিক প্ৰযুক্তিয়েহে খেলুৱৈৰ প্ৰদৰ্শনত সহায় কৰে। কিন্তু আমাক এই বিষয়ে কোনো শিকাব?

ইফালে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সফলতা লাভৰ পিছতে অসমত যিদৰে সম্বৰ্ধনা জনোৱাৰ লহৰ উঠে সেই প্ৰংগত এনে সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰয়োজনিয়তা সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত বিদ্যুৎ কলিতাই কয় যে, ভাৰতত ক্ৰীড়া এতিয়া সংস্থাপনৰ বিষয় হৈ পৰিছে। আমাৰ খেলুৱৈয়ে চাকৰিৰ বাবে খেলে। চাকৰিয়েই খেলুৱৈৰ লক্ষ্য হৈ পৰিছে।

এই ক্ষেত্ৰত মণিপুৰৰ তাৰকা বক্সাৰ মেৰীকম ব্যতিক্ৰম। তেওঁ এই ক্ষেত্ৰত সম্বৰ্ধনাৰ পৰিৱৰ্তে খেলুৱৈৰ বাবে এক ৰোড মেৰ তৈয়াৰ কৰাৰ পোষকতা কৰে।

ইফালে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰা কমনৱেলথ গোল্ড মেডেলিষ্ট নয়নমণি শইকীয়াই প্ৰথমে নিজৰ ক্ৰীড়া জীৱনৰ আৰম্ভণিৰ পৰা কমনৱেলথ গোল্ড মেডেল জয় কৰাৰ লৈকে গোটেই যাত্ৰাৰ বিষয়ে প্ৰকাশ কৰে। খেলুৱৈৰ সম্বৰ্ধনা আৰু সংস্থাপনৰ পিছত খেলিবলৈ এৰাৰ প্ৰসংগত নিজৰ অভিমত ব্যক্ত কৰি কয় যে, তেওঁ দেশৰ বাবে আৰু অধিক পদক কঢ়িয়াই আনিব বিচাৰে।

এই প্ৰসংগত লাইশ্বাং অনিতা চানুৱে কয় যে, তেওঁ ২০০০ চনৰ পৰাই বৰ্তমানলৈকে খেলৰ লগত জড়িত হৈ আছে। তেওঁ নিজৰ জীৱন ক্ৰীড়াৰ খেলতেই মগ্ন থকাৰ কথা উল্লেখ কৰে। তেওঁ আলোচনাৰ মাজতে ছাইৰ কাৰ্যবাহী সঞ্চালকগৰাকীক চেলেঞ্জ কৰি কয় যে, খেলুৱৈসকলক পাটিয়ালাৰ পৰিৱৰ্তে মণিপুৰলৈ ট্ৰেইনিংৰ বাবে পঠিয়াবলৈ কয়।

তেওঁ কয় পাটিয়ালাৰ দৰে উন্নত আন্তঃগাঁথনি নাথাকিলেও মণিপুৰে বহু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি কৰিব পাৰিব। তেওঁ এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যভ্যাস, পৰিৱেশৰ কথা উল্লেখ কৰে।

তেওঁৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ খাদ্যভ্যাস ভাল। ইয়াৰ পৰিৱেশ ভাল। তেওঁ কয় উত্তৰ পূৰ্বাঞ্চলত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ প্ৰশিক্ষণ আৰু ডায়েট যোগান ধৰিলে অধিক স্বৰ্ণ পদক বিজয়ী দেশে লাভ কৰিব।

পঞ্চমখন আলোচনাৰ বিষয়- 'বিনিয়োগ, সংস্থাপন আৰু অসমৰ ৪ লাখ কোটিৰ অৰ্থনীতি'

অসমীয়া প্ৰতিদিন, প্ৰতিদিনি টাইমে অনুষ্ঠিত কৰা 'দ্যা কনক্লেভ ২০২২' ৰ দ্বিতীয় দিনটোৰ পঞ্চম তথা অন্তিমখন আলোচনা চক্ৰ আছিল -'বিনিয়োগ, সংস্থাপন আৰু অসমৰ ৪ লাখ কোটিৰ অৰ্থনীতি'। সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাই আঁত ধৰা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শ্বিলং লাজং ফুটবল ক্লাবৰ পৰিচালন সঞ্চালক লাৰসিং চাওয়ান, চাপিনেট ৱেলথৰ এডভাইজাৰ পল্লৱ বাগাৰিয়া, ডালমিয়া চিমেণ্টৰ পৰিচালন সঞ্চালক তথা চি ই অ' মহেন্দ্ৰ সিংঘী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য সচিব সমীৰ সিনহা।

আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ সম্পদৰাজিৰ সঠিক ব্যৱহাৰ সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত মহেন্দ্ৰ সিংঘীয়ে কয় যে, বিগত কিছু বছৰত উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগকাৰী সকলে বিশেষকৈ অসমত বাধাৰ পৰিৱৰ্তে বিনিয়োগৰ সুযোগহে লাভ কৰিছে। যাৰ জৰিয়তে অসম লাহে লাহে ৬ লাখ কোটি অৰ্থনীতিৰ দিশে আগবাঢ়িছে।

তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথমে লুক ইষ্ট পলিচি আৰু পৰৱৰ্তী সময়ত লুক নৰ্থ ইষ্ট পলিচিৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰিও তেওঁ কয়, ডালমিয়া চিমেণ্টে অতি শীঘ্ৰেই ২০০০ কোটি টকা ব্যয়ৰে অসমৰ লংকা আৰু উমৰাংছুত নতুনকৈ দুটা চিমেণ্ট প্লাণ্ট স্থান কৰিব বুলিও ঘোষণা কৰে। এই চিমেণ্ট প্লান্ট নিৰ্মাণ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে জৈৱ ইন্ধন আৰু স্থানীয় লোকৰ সংস্থাপনৰ দিশত অধিক মনোনিৱেশ কৰিব।

আনহাতে আলোচনা চক্ৰত অংশগ্ৰহণ কৰি শ্বিলং লাজং ফুটবল ক্লাবৰ পৰিচালন সঞ্চালক লাৰচিং চাওৰিয়ানে প্ৰসংগক্ৰমে প্ৰশ্ন কৰে যে, উত্তৰ পূৰ্বাঞ্চল ক্ৰীড়া ক্ষেত্ৰখনত বিনিয়োগ আৰু ক্ৰীড়া ক্ষেত্ৰত সংস্থাপনৰ বাট মুকলিৰ বাবে সঠিক পৰিৱেশ গঢ় দিব পাৰিছোনে নাই?

এই সন্দৰ্ভত তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চল ক্ৰীড়া ক্ষেত্ৰত লাহে লাহে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে এই অঞ্চলত বৃদ্ধি পাইছে ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ।

মুখ্যমন্ত্ৰীৰ মুখ্য সচিব সমীৰ সিনহাই আলোচনাৰ মাজত তেওঁৰ ভাষণত কয় যে, অসমক দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰৰ এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰ আগবাঢ়িছিল যদিও সেই লক্ষ্য কিছু পৰিমাণে তল পৰি ৰৈছে। আনহাতে অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো বক্তব্য প্ৰদান কৰে।

তেওঁ কয়, উন্নত জি এছ ডি পিৰ বাবে অৰ্থনীতিকৃত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে বিনিয়োগৰ প্ৰয়োজন আছে। এই প্ৰসংগতে তেওঁ ভাৰতৰ মুঠ জি ডি পিত অসমে মাত্ৰ ১.৫ শতাংশ হে অৱদান আগবঢ়াই বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ কাৰণ স্বৰূপে তেওঁ জনগাঁঠনিৰ দিশটোক উনুকিয়াই।

অন্যহাতে তেওঁ অসমত বিনিয়োগৰ ক্ষেত্ৰত বিনিয়োগকাৰী পুঁজি বা ইয়াৰ বিতৰণ মূল সমস্যা নহয়। বৰঞ্চ মূল সমস্যা হৈছে বিনিয়োগ কৰা আঁচনিৰ ৰূপায়ণ। এই ক্ষেত্ৰত তেওঁ দুটা কাৰকক আঙুলিয়াই দিয়ে। প্ৰথমটো কাৰক হৈছে কণ্ডিশ্যনেল ক্লাছ ট্ৰেন্সফাৰ আৰু দ্বিতীয়তে হৈছে আনকণ্ডিশ্যনেল ক্লাছ ট্ৰেন্সফাৰ।

আলোচনাত অংশগ্ৰহণ কৰা আন এগৰাকী সমল ব্যক্তি পল্লৱ বাগাৰীয়াই আলোচনাৰ প্ৰসংগত কয় যে, অসমত পেট্ৰ' কেমিকেল ক্ষেত্ৰখনত থলুৱা উদ্যোগৰো প্ৰয়োজন আছে। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিত আটাইতকৈ বেছি অৰিহণা যোগাই আহিছে পেট্ৰ'কেমিকেলে।

উল্লেখ্য যে, দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই কনক্লেভৰ সামৰণি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইনে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ নিজৰ প্ৰাৰম্ভিক জীৱনৰ কথা উল্লেখ কৰাৰ লগতে এগৰাকী সফল আৰু দক্ষ অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰ সুদীৰ্ঘ যাত্ৰাৰ বিষয়ে মন্তব্য কৰে। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানৰ জৰিয়তে দিল্লীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে আদিল হুছেইনৰ সৈতে মত বিনিময়ৰো সুযোগ লাভ কৰে।

হুছেইনে কয়- মই গোৱালপাৰাৰ পৰা আহিছো আৰু ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰিছিলো।সেই সময়ত, মই ধ্ৰুৱজিত চৌধুৰীক লগ পাইছিলো। মই তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলোঁ । তেওঁৰ মহাভাৰত আৰু গীতাৰ বিষয়ে বহু জ্ঞান আছিল। তেওঁৱেই ১৯৮৫ চনত 'গীতা'ক মোৰ সৈতে পৰিচয় কৰাই দিছিল। তাৰ পৰা মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ।"

তেওঁ কয়- মই সাধাৰণতে সংগ্ৰাম শব্দটোক মহিমান্বিত নকৰোঁ। মই অভিনয়ৰ প্ৰেমত পৰিছো। ঠিক যেনেদৰে এখন ভাল চিনেমাৰ বাবে সঠিক কাষ্টিংৰ প্ৰয়োজন, একেদৰে যদি মই মোৰ জীৱনত নিজকে সঠিক ধৰণে কাষ্ট নকৰোঁ, ই এক সঠিক কাহিনী নহ'ব। সেয়ে মই নিজকে এনেদৰে কাষ্ট কৰিছো যে মোৰ হৃদয়ত দৃঢ়ভাৱে অনুভৱ কৰিছোে মই অভিনয়ৰ প্ৰেমত পৰিছো।

অনুষ্ঠানৰ শেষত প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই কনক্লেভৰ উদ্বোধক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, আলোচনাত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আটাইকেইখন আলোচনা চক্ৰৰ সমল ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাকো এই সুযোগ প্ৰদান কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে এই কনক্লেভ সফলতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থাপনৰা সৈতে জড়িত গোট, কনক্লেভখন অনুষ্ঠিত কৰাৰ সুযোগ দিয়া মানেকেশ্ব কেন্দ্ৰৰ লগতে দিল্লীৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা সতীৰ্থ সংবাদকৰ্মীসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in