অসম লাহে লাহে ৬ লাখ কোটি অৰ্থনীতিৰ দিশে আগবাঢ়িছে...

pratidin conclave
pratidin conclave

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন, প্ৰতিদিনি টাইমে দিল্লীত অনুষ্ঠিত কৰা দ্যা কনক্লেভ ২০২২ ৰ দ্বিতীয় দিনটোৰ পঞ্চম তথা অন্তিমখন আলোচনা চক্ৰ আছিল -'বিনিয়োগ, সংস্থাপন আৰু অসমৰ ৪ লাখ কোটিৰ অৰ্থনীতি'। সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাই আঁত ধৰা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শ্বিলং লাজং ফুটবল ক্লাবৰ পৰিচালন সঞ্চালক লাৰসিং চাওয়ান, চাপিনেট ৱেলথৰ এডভাইজাৰ পল্লৱ বাগাৰিয়া, ডালমিয়া চিমেণ্টৰ পৰিচালন সঞ্চালক তথা চি ই অ' মহেন্দ্ৰ সিংঘী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য সচিব সমীৰ সিনহা।

আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ সম্পদৰাজিৰ সঠিক ব্যৱহাৰ সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত মহেন্দ্ৰ সিংঘীয়ে কয় যে, বিগত কিছু বছৰত উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগকাৰী সকলে বিশেষকৈ অসমত বাধাৰ পৰিৱৰ্তে বিনিয়োগৰ সুযোগহে লাভ কৰিছে। যাৰ জৰিয়তে অসম লাহে লাহে ৬ লাখ কোটি অৰ্থনীতিৰ দিশে আগবাঢ়িছে।

তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথমে লুক ইষ্ট পলিচি আৰু পৰৱৰ্তী সময়ত লুক নৰ্থ ইষ্ট পলিচিৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰিও তেওঁ কয়, ডালমিয়া চিমেণ্টে অতি শীঘ্ৰেই ২০০০ কোটি টকা ব্যয়ৰে অসমৰ লংকা আৰু উমৰাংছুত নতুনকৈ দুটা চিমেণ্ট প্লাণ্ট স্থান কৰিব বুলিও ঘোষণা কৰে। এই চিমেণ্ট প্লান্ট নিৰ্মাণ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে জৈৱ ইন্ধন আৰু স্থানীয় লোকৰ সংস্থাপনৰ দিশত অধিক মনোনিৱেশ কৰিব।

আনহাতে আলোচনা চক্ৰত অংশগ্ৰহণ কৰি শ্বিলং লাজং ফুটবল ক্লাবৰ পৰিচালন সঞ্চালক লাৰচিং চাওৰিয়ানে প্ৰসংগক্ৰমে প্ৰশ্ন কৰে যে, উত্তৰ পূৰ্বাঞ্চল ক্ৰীড়া ক্ষেত্ৰখনত বিনিয়োগ আৰু ক্ৰীড়া ক্ষেত্ৰত সংস্থাপনৰ বাট মুকলিৰ বাবে সঠিক পৰিৱেশ গঢ় দিব পাৰিছোনে নাই?

এই সন্দৰ্ভত তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চল ক্ৰীড়া ক্ষেত্ৰত লাহে লাহে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে এই অঞ্চলত বৃদ্ধি পাইছে ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ।

মুখ্যমন্ত্ৰীৰ মুখ্য সচিব সমীৰ সিনহাই আলোচনাৰ মাজত তেওঁৰ ভাষণত কয় যে, অসমক দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰৰ এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰ আগবাঢ়িছিল যদিও সেই লক্ষ্য কিছু পৰিমাণে তল পৰি ৰৈছে। আনহাতে অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো বক্তব্য প্ৰদান কৰে।

তেওঁ কয়, উন্নত জি এছ ডি পিৰ বাবে অৰ্থনীতিকৃত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে বিনিয়োগৰ প্ৰয়োজন আছে। এই প্ৰসংগতে তেওঁ ভাৰতৰ মুঠ জি ডি পিত অসমে মাত্ৰ ১.৫ শতাংশ হে অৱদান আগবঢ়াই বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ কাৰণ স্বৰূপে তেওঁ জনগাঁঠনিৰ দিশটোক উনুকিয়াই।

অন্যহাতে তেওঁ অসমত বিনিয়োগৰ ক্ষেত্ৰত বিনিয়োগকাৰী পুঁজি বা ইয়াৰ বিতৰণ মূল সমস্যা নহয়। বৰঞ্চ মূল সমস্যা হৈছে বিনিয়োগ কৰা আঁচনিৰ ৰূপায়ণ। এই ক্ষেত্ৰত তেওঁ দুটা কাৰকক আঙুলিয়াই দিয়ে। প্ৰথমটো কাৰক হৈছে কণ্ডিশ্যনেল ক্লাছ ট্ৰেন্সফাৰ আৰু দ্বিতীয়তে হৈছে আনকণ্ডিশ্যনেল ক্লাছ ট্ৰেন্সফাৰ।

আলোচনাত অংশগ্ৰহণ কৰা আন এগৰাকী সমল ব্যক্তি পল্লৱ বাগাৰীয়াই আলোচনাৰ প্ৰসংগত কয় যে, অসমত পেট্ৰ' কেমিকেল ক্ষেত্ৰখনত থলুৱা উদ্যোগৰো প্ৰয়োজন আছে। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিত আটাইতকৈ বেছি অৰিহণা যোগাই আহিছে পেট্ৰ'কেমিকেলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in