/asomiyapratidin/media/media_files/2026/01/21/671-2026-01-21-22-40-01.jpg)
ডিজিটেল সংবাদ, ডাভোছ : ৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ডাভোছত অনুষ্ঠিত বৃহৎ বাণিজ্য সম্মিলন ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ ইতিমধ্যে দুটা দিন অতিক্ৰম কৰিছে। প্রথম অসমীয়া মুখ্যমন্ত্রী হিচাপে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইয়াত উপস্থিত হৈ সাৰ উদ্যোগ, পৰিৱেশ তন্ত্র, ইলেক্ট্রনিক্স, গ্রীন এনার্জী, নিউ এনার্জী আদি বিষয়ত বিশ্বৰ বিভিন্ন প্রসিদ্ধ ব্যক্তিৰ সৈতে আলোচনা আৰু বৈঠকত মিলিত হয়।
যোৱা দুটা দিনৰ মুখ্যমন্ত্ৰীৰ ব্যস্ততাভৰা কাৰ্যসূচীৰ মাজত দ্বিতীয় দিনৰ সন্ধিয়া তেওঁ অসমত ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰসাৰ কৰা আৰু ভিন্নমুখী যোগান ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে বিশ্বৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ আগশাৰীৰ নেতৃত্বৰ সৈতে এক অতি ফলপ্রসূ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত দিনপছিছ, কোৱালকম, এনালগ ডিভাইচেছ, থার্ম' ফিচাৰ, হনিৱেল আৰু হেংকেল আদি প্ৰতিষ্ঠানৰ নেতৃস্থানীয় প্রতিনিধিসকলো উপস্থিত আছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-2026-01-21-22-42-37.jpeg)
মুখ্যমন্ত্রীয়ে জনায় যে এই প্রতিষ্ঠানসমূহে নিজ নিজ কর্মক্ষেত্রত উৎকৃষ্টতা প্ৰদৰ্শন কৰি আহিছে আৰু আমাৰ সৈতে অংশীদাৰিত্ব কৰিবলৈও গভীৰ আগ্ৰহ প্ৰকাশ কৰিছে। বিশেষ ঘূৰণীয়া মেজমেল, টাটা গ্রুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনৰ সৈতে সাক্ষাৎ আদিৰ লগতে অসমত বিনিয়োগৰ সম্ভাৱনা অন্বেষণৰ সন্দৰ্ভত আই বি এমৰ উপাধ্যক্ষ গেৰী ক'নৰ সৈতেও হিমন্ত বিশ্ব শর্মাই এক বিশেষ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীয়ে এই সন্দর্ভত জনায় যে দক্ষতা বিকাশ, এ আই অভিযোজন আৰু সম্পর্কিত অন্যান্য পদক্ষেপৰ সুযোগসমূহ মূল্যায়ন কৰিবলৈ আই বি এমৰ এটি প্রতিনিধি দল শীঘ্রেই অসমত উপস্থিত হ'ব। নিশ্চিতকৈ এই খবৰে অসমক অধিক সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে বুধবাৰে বৰাহা গ্ৰুপৰ মুখ্য পৰিচালন বিষয়া (চি অ' অ') ইকাৰাছ জানজেনৰ সৈতে এক ফলপ্রসূ সাক্ষাতত মিলিত হয়। বায়'চাৰ, পুনৰুৎপাদনশীল কৃষি আৰু বনানীকৰণৰ পদক্ষেপৰ জৰিয়তে ১ বিলিয়ন টন কার্বন ডাই অক্সাইড আঁতৰোৱাৰ লক্ষ্য লৈ এই গ্রুপে বিশেষভাৱে কাম কৰি আছে।
মুখ্যমন্ত্ৰীয়ে অসমৰ কৃষক সমাজৰ উপকাৰৰ বাবে তেওঁলোকক অসমত অন্বেষণ কৰিবলৈ আমন্ত্রণ জনোৱাৰ বাবে চিন্তা-চৰ্চা কৰাৰ কথা ব্যক্ত কৰে। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে কৃষি, মেনুফেকচাৰিং ইণ্ডাষ্ট্রী, সেৱা খণ্ডতো অসমে গুৰুত্বপূৰ্ণভাৱে আত্মপ্ৰকাশ কৰি আগবাঢ়িবলৈ সক্ষম হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-2026-01-2026-01-21-22-43-16.jpeg)
অসমে এতিয়া ছেমিকণ্ডাক্টৰ, ম'বাইল মেনুফেকচাৰিং আদিতো বিশেষ গুৰুত্ব প্ৰদান কৰিব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ৱৰ্ল্ড ইক'নমিক ফ'ৰামত টীম ভাৰতৰ অংশ হিচাপে অসমৰ উপস্থিতিয়ে এইটো স্পষ্ট কৰে যে এতিয়া দেশৰ প্ৰতিটো অংশই বিনিয়োগৰ বাবে সম্পূর্ণভাৱে সাজু। যোৱা ২ দিনত আমি অত্যন্ত ফলপ্রসূ আলোচনা কৰিলোঁ, যিয়ে ভৱিষ্যতৰ দিনসমূহত আমাৰ বিকাশক অধিক গতি প্ৰদান কৰিব।
অসমৰ চাহৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়- ইণ্ডো-ইউ কে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ আৰু আগন্তুক ইণ্ডো-ইউৰোপীয় ইউনিয়ন চুক্তিৰ জৰিয়তে অসমৰ চাহে নতুন বজাৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ দৃষ্টিভংগীৰে চাহ উৎপাদনৰ বিভিন্ন ক্ষেত্রত প্রোৎসাহন আগবঢ়োৱা হৈছে, যাৰ জৰিয়তে উৎপাদন ব্যয় হ্রাস কৰি এই উদ্যোগটিক অধিক লাভজনক আৰু প্রতিযোগিতামূলক কৰি তোলা হৈছে।
মুখ্যমন্ত্রীয়ে বুধবাৰে ফিলিপ মৰিছ ইন্টাৰনেশ্যনেলৰ মুখ্য কার্যবাহী বিষয়া ফ্রেডেৰিক ডি ৱাইল্ডৰ সৈতেও সাক্ষাতত মিলিত হয়। মুখ্যমন্ত্রীয়ে কয়- অসমত ধঁপাত সেৱন এক ডাঙৰ প্ৰত্যাহ্বান আৰু আমি ৰাজ্যখনক নিকাটিন মুক্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ। আমি এই উদ্দেশ্যৰ সৈতে আগবাঢ়িবলৈ এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে গ্ৰুপটোৱে ধপাতৰ ক্ষতি ৯৫-৯৬ শতাংশ হ্রাস আৰু ধোঁৱা-মুক্ত/দাহ্য ধপাতৰ বিকল্পৰ প্ৰস্তাৱ আমাৰ সম্মুখত আগবঢ়াইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-2026-2026-01-21-22-43-46.jpeg)
আমি নীতিগতভাৱে তথা বিধিবদ্ধ অনুমোদনৰ পাছত এই বিকল্পসমূহ পুংখানুপুংখ পৰীক্ষা কৰিম। সংযুক্ত আৰব মূলৰ লুলু গ্ৰুপৰ অধ্যক্ষ ইউছুফ আলীৰ সৈতেও এক বিশেষ আলোচনাত মিলিত হয়। এই গ্রুপে অসমৰ কৃষি সংসাধন, আতিথ্য আৰু বাণিজ্যিক খুচুৰা খণ্ডত বিনিয়োগ কৰাৰ কথা গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই দোহাৰে।
উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্রীয়ে ভ্রমণ আৰু পৰ্যটন- দৃষ্টিৰ নেপথ্যত ১০ ট্রিলিয়ন ডলাৰৰ ক্ষেত্ৰ শীর্ষক আলোচনা সত্ৰত ভাষণ প্ৰদান কৰাৰ লগতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। লগতে তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখত অসম তথা ভাৰতকেন্দ্ৰিক বিভিন্ন বিষয়ত নিজৰ বক্তব্য প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us