/asomiyapratidin/media/media_files/2025/06/25/241-2025-06-25-20-50-54.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা সমাজ কল্যাণ বিভাগৰ অধীনত থকা শিশু উন্নয়ন প্ৰকল্পৰ বিভিন্ন কাম -কাজ আৰু আঁচনিৰ বিষয়ে ব্যাপক দুৰ্নীতিৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছে । বুধবাৰে সেই অভিযোগৰ ভিত্তিত ধুবুৰীস্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই চলাই আছে অভিযান।
জানিব পৰা মতে ধুবুৰী জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া সূৰ্য বৰুৱাৰ কাৰ্যকালৰে পৰা ব্যাপক দুৰ্নীতিৰ অভিযোগ উথাপিত হৈ আহিছিল। আজি জিলা কাৰ্যালয়ত শিশু উন্নয়ন প্ৰকল্পৰ বিভিন্ন নথি -পত্ৰৰ পৰীক্ষা- নিৰীক্ষা চলাই আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৮ এপ্ৰিলত কোকৰাঝাৰ জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ দেৱীতোলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে সোধা-পোচাৰ বাবে ধুবুৰীৰ পৰা গুৱাহাটী লৈ গৈ গ্ৰেপ্তাৰ কৰিছিল। দেৱীতোলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ ধুবুৰীৰ এন এছ ৰোডত থকা ভাড়াঘৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটি দলে উক্ত দিনা অতৰ্কিতে অভিযান চলাই সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াগৰাকীক বিভিন্ন বিষয়ৰ ওপৰত সোধা-পোচা আৰম্ভ কৰিছিল।
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ নজৰত থকা সূৰ্য বৰুৱাক ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে সূৰ্য বৰুৱাৰ গুৱাহাটীৰ বাসগৃহত অভিযান চলাইছিল। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দলটোৱে যোৱা ৮ এপ্ৰিলত বিয়লি প্ৰায় ৪ বজাৰ পৰা সূৰ্য বৰুৱাৰ ধুবুৰী ভাড়াঘৰত উপস্থিত হৈ তাৰ পৰা বহু নথি পত্ৰও জব্দ কৰিছিল।