আজি ৩৪২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন বিভাগত নিৰ্বাচিত মুঠ ৩৪২০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব।

New Update
new ap web 2 (35)

ডিজিটেল সংবাদ,গুৱাহাটীঃ   ৰাজ্য চৰকাৰৰ লাখতকৈ অধিক চাকৰি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’ব এক বিশাল নিযুক্তি পত্ৰ প্ৰদান সমাৰোহ। খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন বিভাগত নিৰ্বাচিত মুঠ ৩৪২০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব।

আজিৰ এই সমাৰোহত কাৰিকৰী আৰু অ-কাৰিকৰী, দুয়োটা শ্ৰেণীৰ পদতে নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। ইয়াৰে ভিতৰত ১৪০৩ গৰাকী প্ৰাৰ্থীয়ে কাৰিকৰী পদত নিযুক্তি লাভ কৰিব। আনহাতে, অ-কাৰিকৰী পদত ৫৯৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

উল্লেখ্য যে, চৰকাৰে স্বাস্থ্য খণ্ডৰ বিকাশৰ বাবে আজি বহু সংখ্যক নিযুক্তি পত্ৰ বিতৰণ কৰিব। স্বাস্থ্য সেৱা বিভাগত মুঠ ৮২৮ গৰাকী আৰু স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) বিভাগত ৫৯২ গৰাকী প্ৰাৰ্থীয়ে আজি চাকৰিৰ নিযুক্তি পত্ৰ লাভ কৰিব।

এই নিযুক্তি সমাৰোহৰ বাবে খানাপাৰাত ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলৰ উপস্থিতিৰে আজিৰ এই অনুষ্ঠান এক উৎসৱমুখৰ পৰিৱেশত পৰিণত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰৰ এই স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াই পুনৰবাৰ অসমৰ হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীৰ মুখত হাঁহি বিৰিঙাইছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নিযুক্তি নিযুক্তি পত্ৰ বিতৰণ চৰকাৰী নিযুক্তি