/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-20-2025-11-02-17-30-58.jpeg)
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে নৱেম্বৰত পূৱৰ খাচী পাহাৰবোৰ হিমালয়ৰ চেৰী ফুলৰ দ্বাৰা সজীৱ হৈ ফুলি উঠে। চেৰী ব্লছম উৎসৱ মেঘালয়ৰ এই প্ৰাকৃতিক পৰিঘটনাৰ প্ৰতিয়েই সমৰ্পিত। উত্তৰ-পূবৰ সবাতোকৈ জনপ্রিয় মেঘালয়ৰ এই চেৰী ব্লছম ফেষ্টিভেলক পূৰ্বৰ তুলনাত এই বছৰ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।
২০২৫ বৰ্ষৰ চেৰী ব্লছম ফেষ্টিভেল জুবিন গাৰ্গৰ স্মৃতিত উৎসর্গা কৰা হ'ব। দেশ-বিদেশৰ হাজাৰ হাজাৰ পর্যটকে অংশ লবলগীয়া এই মহোৎসৱত এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাবে শ্রদ্ধা জনোৱা হ'ব।
মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই শুকুৰবাৰে এই কথা সদৰি কৰে। তেওঁ কয়, যে মেঘালয় চৰকাৰৰ উদ্যোগত ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়াকৈ আয়োজিত চেৰী ব্লছম ফেষ্টিভেলত জুবিন গাৰ্গৰ ঘনিষ্ঠ সংগীত শিল্পীৰ দ্বাৰা বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ দিহা কৰা হৈছে।
তেওঁ কয়, যে কিংবন্ধী শিল্পী জুবিন গাৰ্গক বিশেষভাবে শ্রদ্ধা জনোৱাৰ কথাটোলৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছে। জুবিন গাৰ্গৰ ঘনিষ্ঠ শিল্পী, জুবলী, প্রিয়ংকা, প্রবীন আৰু অৰূপজ্যোতিয়ে মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
প্রতিবছৰৰ দৰে এইবাৰো শ্বিলঙৰ প'ল গ্রাউণ্ডত হ'বলগীয়া চেৰী ব্লছম ফেষ্টিভেলত কেইবাজনো আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পপ শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।
মহোৎসৱৰ প্ৰথম দিনা বিশ্ববিখ্যাত আইৰিছ ৰক বেন দ্যা শিক্রান্তৰ লগতে জেমছ ডেকল, ডি জে ডিপ্লো পপ আৰু বলিউডৰ অভিনেত্রী নোবা ফাটেহিয়ে অনুষ্ঠান পৰিৱেশন কৰিব। দ্বিতীয়দিনা জনপ্রিয় বেণ্ড একুৱা আৰু ৰেপ পপ টাইগাই দেশ-বিদেশৰ পর্যটক আৰু দর্শকক আপ্লুট কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us