শিশু সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁইৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা  জ্যেষ্ঠ সাংবাদিক, গল্পকাৰ, শিশু সাহিত্যিক, সুবক্তা দুৰ্লভ বুঢ়াগোঁহাই মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে চৰাইদেউ প্ৰেছ ক্লাবে ।

author-image
Asomiya Pratidin
New Update
দুৰ্লভ বুঢ়াগোহাঁইৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

দুৰ্লভ বুঢ়াগোহাঁইৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

ডিজিটেল সংবাদ,চৰাইদেউ : শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা  জ্যেষ্ঠ সাংবাদিক, গল্পকাৰ, শিশু সাহিত্যিক, সুবক্তা দুৰ্লভ বুঢ়াগোঁহাই মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে চৰাইদেউ প্ৰেছ ক্লাবে ।

এক শোকবাৰ্তাত ক্লাবৰ সভাপতি-সম্পাদক ক্ৰমে ধ্ৰুৱজ্যোতি বৰুৱা আৰু সম্পাদক প্ৰণৱ বৰগোহাঁয়ে বৰ্ষীয়ান সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁইয়ে অধ্যাপনাৰ সমান্তৰালকৈ সাহিত্য চৰ্চা জৰিয়তে শিশু উপযোগী ভালেসংখ্যক ৰচনাৰে ভাষা - সাহিত্যক সমৃদ্ধ কৰা বুলি উল্লেখ কৰে। অসমীয়া শিশু সাহিত্যলৈ  অনবদ্য অৱদান আগবঢ়া  থৈ যোৱা এনে এগৰাকী প্ৰথিতযশা সাহিত্যিক-সাংবাদিক  মৃত্যুত  সমাজৰ বাবে বৃহৎ অপূৰণীয় ক্ষতি বুলি চৰাইদেউ প্ৰেছ ক্লাবে মন্তব্য কৰে ৷

Charaideo Press Club charaideo