দুলীয়াজানত সৰ্বাত্মক বন্ধৰ প্ৰভাৱ : শৃংখল চলিহাৰ আটকক কেন্দ্ৰ কৰি প্ৰতিবাদ

বীৰ লাচিত সেনাক প্ৰমুখ্য কৰি ৰাজ্যৰ ১১টা জনজাতীয় সংগঠনে জনোৱা দুলীয়াজান বন্ধৰ আহ্বানৰ প্ৰভাৱ পৰিছে চহৰখনত। এই বন্ধ ঘোষণাৰ পাছতে শুকুৰবাৰে পুৱাৰে পৰা চহৰখনৰ দোকান- পোহাৰ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি

author-image
Asomiya Pratidin
New Update
বন্ধ

ডিজিটেল ডেস্ক : বীৰ লাচিত সেনাক প্ৰমুখ্য কৰি ৰাজ্যৰ ১১টা জনজাতীয় সংগঠনে জনোৱা দুলীয়াজান বন্ধৰ আহ্বানৰ প্ৰভাৱ পৰিছে চহৰখনত। এই বন্ধ ঘোষণাৰ পাছতে শুকুৰবাৰে পুৱাৰে পৰা চহৰখনৰ দোকান- পোহাৰ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি আন আন অনুষ্ঠান- প্ৰতিষ্ঠানসমূহো সম্প্ৰতি বন্ধ ৰখা হৈছে। 

Advertisment

ইয়াৰ উপৰি অইল ইণ্ডিয়া লিমিটেডৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাম- কাজ অচল হৈ আছে। তৈলক্ষেত্ৰলৈ অহা- যোৱা কৰা লঘু আৰু গধুৰ যান- বাহন চলাচল বন্ধ হোৱাৰ ফলত বিষয়া- কৰ্মচাৰীসকল কৰ্মক্ষেত্ৰলৈ যাব পৰা নাই। 

ইফালে শান্তিপূৰ্ণভাৱে বন্ধ কাৰ্যসূচী অৱ্যাহত ৰখাৰ সময়তে দুলীয়াজানলৈ গৈ থকা অৱস্থাত চেপনৰ পৰা আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক। তাৰোপৰি সংগঠনটোৰ আন এগৰাকী বিষয়ববীয়াকো আৰক্ষীয়ে আটক কৰে। ইতিমধ্যে ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে শৃংখল চলিহাক।

উল্লেখযোগ্য যে, ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱৰ মাজতে বীৰ লাচিত সেনাৰ বিষয়বীয়াক আটক কৰাক কেন্দ্ৰ কৰি সংগঠনটোৰ সদস্য তথা সমৰ্থকসকলে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা বুলি জানিব পৰা গৈছে।

শৃংখল চলিহা