ডিজিটেল সংবাদ, ঢকুৱাখনা : বান কিম্বা গৰাহনীয়াই বিগত কেইবাটাও বছৰ জীয়াতু ভোগাই আহিছিল ঢকুৱাখনা সমজিলাবাসীক। ঢকুৱাখনাবাসীৰ আয়ুসৰেখাস্বৰূপ শান্ত সমাহিত চাৰিকড়িয়া নদীখনে ঢকুৱাখনা ৰাজহ চক্ৰৰ থেকেৰাগুৰি আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সোনাৰী চাপৰিৰ বিস্তৰ ভূখণ্ডত বিগত দুটা দশক ধৰি চলাই আহিছিল খহনীয়াৰ সন্ত্ৰাস ।
প্ৰধানকৈ সোনাৰী চাপৰি চাৰিআলিৰ পৰা সাপেখাতি হৈ বৰ্ষামুখ সংযোগী এই লোকনিৰ্মান পথৰ লগতে অৱবাহিকা অঞ্চলত বাৰিষাকালত অবৰ্ণনীয় তাণ্ডৱ চলাই আহিছিল নদীখনে । চাৰিকড়িয়া, বৰ্ষামুখ, বাঘৰচুক, চেলাজান, মাধুৱা ,বৰপতিয়া, সৰুপতিয়া আদি গাঁওবাসীৰ উমৈহতীয়া মেৰুদণ্ডস্বৰূপ সোনাৰী চাপৰি চাৰিআলিৰ পৰা বৰ্ষামুখ সংযোগী পথটোৰ মা ধুৱা , সৰুপতিয়া আদি অংশত ভয়ংকৰ গৰাখহনীয়া সৃষ্টি কৰি নদীখনে লোকনিৰ্মান পথটো বিছিন্ন কৰাৰ লগতে অভ্যন্তৰলৈ সোমাই অহাৰ ভয়াৱহ সম্ভাৱনা সৃষ্টি কৰি আহিছিল ।
বহুবাৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিও অপৰিকল্পিত প্ৰতিৰোধ পদ্ধতিৰ বাবে সকলো অৰ্থহীন হৈ পৰিছিল। শেহতীয়াকৈ নদীখনৰ আগ্ৰাসন স্থায়ী প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় চৰকাৰ । সমাগত বান বাৰিষাৰ ভয়াৱহতাৰ লগতে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ আৰু বানপানীৰ ফলত হোৱা ক্ষয়- ক্ষতি হ্ৰাস কৰাৰ লক্ষ্যৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰে এনেবোৰ স্পৰ্শকাতৰ এলেকাত প্ৰণালীবদ্ধ আৰু ফলপ্ৰসূ আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত হৈছে ।
ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান (পথ) সংমণ্ডলৰ জৰিয়তে ইতিমধ্যে চেলা চাৰিকড়িয়া গাঁৱৰ চাৰিকড়িযা নদীৰ দলঙৰ উজনি আৰু নামনি অংশত প্ৰায় ৪৯ লাখ ৯০ হাজাৰ পুঁজিৰে সোনাৰী চাপৰি চাৰিআলিৰ পৰা বৰ্ষামুখ সংযোগী পথৰ খহনীয়া প্ৰতিৰোধৰ আঁচনি সম্পন্ন কৰা হৈছে। একেদৰে পতিয়া চাপৰিৰ পৰা চাৰিকড়িয়া গাঁৱলৈ যোৱা পথৰ অংশত প্ৰায় ৪৯লাখ ৯৫ হাজাৰ পুঁজিৰে আৰু সাপেখাটি গাঁও অংশত প্ৰায় ৪৯ লাখ ৯৫ হাজাৰ পুঁজিৰে তিনিখন গুৰুত্বপূৰ্ণ খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন কৰা হৈছে ।
ইতিমধ্যে সমজিলাখনৰ তিনিখন খহনীয়া প্ৰতিৰোধৰ "শৈল স্পাৰ" নিৰ্মাণৰ কাম প্ৰাককলন অনুসৰি সম্পূৰ্ণ হৈছে। আনহাতে জীঅ' বেগ সংস্থাপনেৰে খহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম অহা এটা সপ্তাহত সম্পূৰ্ণ হ’ব ।
বাৰিষা লৈ খাপ পিটি ৰৈ নাথাকি খৰালিৰ সময়ছোৱাতে স্থায়ী প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ কৰি সম্পূৰ্ণ কৰাত আত্মনিয়োগ কৰা লোকনিৰ্মান (পথ) বিভাগৰ এনে সময়োপযোগী পদক্ষেপৰ বাবে অঞ্চলবাসী সুৰক্ষিত হোৱাৰ আশা কৰা হৈছে । তাৰোপৰি বিভাগে ২নং থেকেৰাগুৰিৰ পৰা ব্ৰহ্মপুত্ৰ মথাউৰী সংযোগী পথৰ চাৰিকড়িয়া দলঙৰ উজনি অংশত প্ৰায় ৪৯ লাখ ৯৫ হাজাৰ টকা ব্যয়ৰে শৈল স্পাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে ।
উল্লেখযোগ্য যে এই সমূহ আঁচনি নিৰ্মানেৰে লোকনিৰ্মান বিভাগে ৰাইজৰ মাজত বান খহনীয়া ৰোধৰ ওপৰত জন সজাগতা সৃষ্টিৰে আস্থা বিশ্বাস গঢ়ি তোলাত বহুলাংশে সক্ষম হৈছে । ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ তৎপৰতাত অঞ্চলবাসীৰ ভৌগলিক অস্তিত্ব সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এই ৪ আঁচনিকলৈ অঞ্চলবাসী আশ্বস্ত হোৱাৰ সমান্তৰালভাৱে অনাগত সময়ত আঁচনি কেইখন অধিক সম্প্ৰসাৰিত কৰাৰ বাবে ৰাইজে দাবী জনাইছে ।