বানত ক্ষতিগ্ৰস্ত অসমলৈ ৩১৩ কোটি ৬৯ লাখৰ সাহাৰ্য পুঁজি মুকলি কেন্দ্ৰৰ...

দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহত সাহায্য অভিযান আৰু পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত সুবিধা হোৱাকৈ এই ধনৰাশি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা প্ৰদান কৰা হ’ব...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   প্ৰতি বছৰে অসমখনক একাধিক বানে জোঁকাৰি যায়। ফলস্বৰূপে ৰাজ্যবাসী বিস্তৰ ক্ষতিৰ সন্মুখীন হয়। এই ক্ষতিপূৰণৰ বাবে ৰাজ্যখনক বৃহৎ পৰিমাণৰ পুঁজিৰ প্রয়োজন হয়।

সেই উদ্দেশ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বৰ উচ্চস্তৰীয় সমিতিয়ে ২০২৪ বর্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি কৰি দিছে। তথ্য অনুসৰি, অসমৰ লগতে গুজৰাটলৈও প্রায় ৪০০ কোটি টকা মোকলাই দিয়া হৈছে।

সমিতিখনে হাৰিয়ানা, মধ্যপ্রদেশ আৰু ৰাজস্থানলৈ এন ডি আৰ এফৰ সম্প্ৰসাৰণ আৰু অগ্নিনির্বাপন সেৱাৰ আধুনিকীকৰণৰ বাবে ৯০৩ কোটি ৬৭ লাখ টকাৰ আৱণ্টন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ কয়, প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ নেতৃত্বত ভাৰতে দূর্যোগ প্ৰতিৰোধৰ বাবে শক্তিশালী আন্তঃগাঁথনি সৃষ্টি কৰি আছে আৰু দুর্যোগৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো ৰাজ্যকে সহযোগিতা আগবঢ়াইছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, এই ধনৰাশি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ(NDRF) পৰা প্ৰদান কৰা হ’ব যাতে দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহত সাহায্য অভিযান আৰু পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত সুবিধা হয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিত ২০২২ চনৰ ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে উচ্চ পর্যায়ৰ সমিতিখনে অসমক এহেজাৰ ২৭০ কোটি টকাৰ সাহায্য পুঁজি প্রদান কৰিছিল।

অমিত শ্বাহ অসমৰ বানপানী বানপানী প্ৰতিৰোধ