ভলাগুৰি সমবায় সমিতিৰ শতবৰ্ষ উৎসৱৰ সফল সামৰণি...

koliabor
koliabor

ডিজিটেল সংবাদ কলিয়াবৰঃ সমবায় আন্দোলনৰ ভেটি গঢ়োতা কলিয়াবৰৰ ভোলাগুৰি সমবায় সমিতিৰ শতবৰ্ষ উৎসৱৰ মঙলবাৰৰ দ্বিতীয় দিনা পুৱা শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তই মুখ্য উত্তোলক ৰূপে শতবৰ্ষৰ পতাকা উত্তোলন কৰাৰ লগতে শতবৰ্ষ অনুষ্ঠানৰ ১০০ খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছতে শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

সম্পাদক পুষ্কৰ জ্যোতি মহন্তই আঁতধৰা অনুষ্ঠানত সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষন প্ৰসংগত তেওঁ কয় যে, সমবায়ৰ জড়িয়তে আমি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ সংকল্প ল'ব লাগিব। "

নাবাৰ্ডৰ মুখ্য পৰিচালন সঞ্চালক, নগাঁও জিলা পৰিষদৰ সভানেত্ৰী মুনমণি দাস বৰাৰ লগতে ‌বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনিত অসম কো- অপাৰেটিভ এপেক্স বেংকৰ অধ্যক্ষ তথা বিধায়ক বিশ্বজিৎ ফুকনে কয় যে, সমবায় সমিতি হ'ল দুখীয়া মানুহৰ অনুষ্ঠান ৷ কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰি অহা ভোলাগুৰি সমবায় সমিতি আমাৰ সকলোৰে গৌৰৱ।

লগতে তেঁও কয়- যি সময়ত দক্ষ পৰিচালনাৰ অভাৱ,আসোঁৱাহ যুক্ত পৰিকল্পনা তথা বিভিন্ন কাৰনত কামপুৰৰ চেনি কল সহিতে ৰাজহুৱাখণ্ডৰ বিভিন্ন উদ্যোগ মৃত্যুমুখী হোৱাৰ বিপৰীতে শিলঘাট মৰাপাট কল, শতবৰ্ষ গৰকা ভলাগুৰি সমবায় সমিতিসহিতে কেইবাটিও সমবায় খণ্ডৰ উদ্যোগে সম্প্ৰতি অনুকৰণীয় আদৰ্শ গঢ় দি উঠিছে ৷

প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই দিগন্ত মহন্ত আৰু যতীন শইকীয়াৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ "শতদল" উন্মোচন কৰি কয় যে-ভোলাগুৰি সমবায় সমিতিয়ে বেংকৰ পৰম্পৰা বৰ্তাই ৰখাৰ বাবেই আজিও সমবায়খনে মূৰ ডাঙি আছে। শতবৰ্ষ উৎসৱৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সভাপতিৰ অভিভাষনত কয় যে, ভলাগুৰি সমবায় সমিতিখন সমগ্ৰ অসমৰ ভিতৰতে এক উল্লেখযোগ্য সমবায় হিচাপে স্বীকৃত হ'বলৈ সক্ষম হৈছে।

বৰ্তমান ইয়াৰ অন্তৰ্ভুক্ত গাওঁ পঞ্চায়তসমূহ হৈছে পূৱ পূৱথৰীয়া, উত্তৰ পূৱথৰীয়া, মাজ পূৱথৰীয়া, উত্তৰ পশ্চিম পূৱথৰীয়া আৰু জখলাবন্ধাৰ একাংশ। ইয়াৰ ১০০ বছৰীয়া যাত্ৰা পথত নানা বিঘিনি অতিক্ৰম কৰি আজি শতবৰ্ষ গৰকিবলৈ সক্ষম হোৱাটো অসমবাসীৰ বাবেই গৌৰৱৰ বিষয়।

সভাত অবিভক্ত নগাঁও জিলাৰ সমবায় সমিতিৰ মাজত নিৰ্বাচিত পশ্চিম পূৱথৰীয়া সমবায় সমিতিক উৎকৃষ্ট সমবায় সমিতি ৰূপে প্ৰতিষ্ঠাপক সম্পাদক খগেশ্বৰ গোস্বামী সোঁৱৰণি বঁটা প্ৰদান কৰাৰ লগতে প্ৰতিবছৰেই অসম ভিত্তিত এই বঁটা প্ৰদান কৰিব বুলি সভাপতি মন্টু বৰুৱাই জানিবলৈ দিয়ে।

আজি প্ৰদান কৰা বঁটাৰ লগত গামোচা মানপত্ৰ আৰু নগদ ১০ হাজাৰ টকা আছে। সভাৰ আৰম্ভণিতে স্থানীয় মহিলাসকলে পৰিৱেশন কৰা সমবেত সংগীতে শ্ৰোতাক মুগ্ধ কৰে। সন্ধিয়া আমন্ত্ৰিত‌ শিল্পীৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰে শতবৰ্ষ সমাৰোহ অনুষ্ঠানৰ সফল সামৰণি পৰে।

ইফালে সোমবাৰে নিশা স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত "ৰাম বিজয়" অংকীয়া ভাওনাখনি উদ্বোধন কৰে চামগুৰি সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া কমল চন্দ্ৰ গোস্বামীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in