ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ৪,৫,৬ আৰু ৭ জানুৱাৰীত উদযাপন হ’ব শতবৰ্ষ অনুষ্ঠান ৷ ১৯২৫ চনতে স্থাপন হোৱা বিদ্যালয়খনিৰ শতবৰ্ষ অনুষ্ঠানটি সফল ৰূপায়নক লৈ সোমবাৰে বিদ্যালয় প্ৰাঙ্গণত এখনি সংবাদমেলৰ আয়োজন কৰে উদযাপন সমিতিয়ে ৷
উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদমেলৰ জৰিয়তে বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ সকলো কাৰ্যসুচী সফল ৰূপায়নৰ বাবে সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰে ৷ সংবাদমেলৰ পূৰ্বে বিধায়কগৰাকীয়ে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক লৈ যুগুত কৰি উলিওৱা "স্বাগতম সতীৰ্থ”শীৰ্ষক এটি গীতৰো শুভ উন্মোচন কৰে বিদ্যালয় প্ৰাঙ্গণত ৷