/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1f8e2ca8-06f6-497f-a3af-3b8b04f357e5/scorpio.jpg)
A stream of water
ডিজিটেল সংবাদ, অৰুণাচলঃ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ দৈমুখ-জিৰো পথত শুকুৰবাৰে পাহাৰৰ পৰা হঠাৎ নামি অহা পানীৰ ঢলে উটুৱাই নিয়ে এখন স্কৰপিঅ' ।
চীপুটা নামৰ ঠাইখনত থকা এটা কেকুৰিত পথৰ ওপৰৰে এটা সৰু জুৰিৰ পানী বৈ থাকে। কিন্তু আবেলি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে পথৰ ওপৰত পানী বাঢ়ি যায় আৰু পথ পাৰ হ'বলৈ ধৰা গাড়ীখন পথৰ মাজতে আবদ্ধ হৈ পৰে।
কিছু সময় পাছত পানীৰ সোঁত বৃদ্ধি পোৱাত গাড়ীখন প্ৰায় ১০০ ফুট তলত পৰে। অৰুণাচল প্ৰদেশ চৰকাৰৰ শক্তি বিভাগৰ স্কৰপিঅ' গাড়ীখন ইটানগৰৰ পৰা কামলে জিলালৈ গৈ আছিল। পানীৰ মাজত আবদ্ধ হৈ পৰা গাড়ীখনৰ পৰা কোনোমতে চালকজন ওলাই প্ৰাণ ৰক্ষা কৰে।