কোকৰাঝাৰ-চিৰাং জিলাৰ পৰা ৫০ মেট্ৰিক টন গাহৰি ক্ৰয় কৰিলে গুৱাহাটীৰ ব্যৱসায়ীয়ে

অসম গাহৰি পালক সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ-চিৰাং জিলাৰ থলুৱা গাহৰি পালক সন্থাৰ সহযোগত প্ৰায় ৫০ মেট্ৰিক টন ওজনৰ গাহৰি কঢ়িয়াই নিয়া প্ৰথম দুখন বাহন গুৱাহাটী মহানগৰীৰ সমীপৰ বৰ্মিহাটলৈ ৰাওনা হয় ।

author-image
Asomiya Pratidin
New Update
৫০ মেট্ৰিক টন গাহৰি ক্ৰয় কৰিলে গুৱাহাটীৰ ব্যৱসায়ীয়ে

ডিজিটেল সংবাদ,  চিৰাং : অসমৰ থলুৱা গাহৰি পালকসকলৰ পৰা গাহৰি ক্ৰয় নকৰি ৰাজ্যৰ একাংশ গাহৰি ব্যৱসায়ীয়ে বিভিন্ন অনিয়মৰ মাজেদি বহিঃৰাজ্যৰ পৰা গাহৰি ক্ৰয় কৰি থলুৱা গাহৰি পালকসকলক বঞ্চিত কৰি আহিছিল। এই কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বহিঃৰাজ্যৰ পৰা আমদানী কৰা গাহৰি কঢ়িয়াই ট্ৰাক আবদ্ধ কৰি আন্দোলন কৰাৰ পিছত গাহৰি ব্যবসায়ী সকলে অৱশেষত থলুৱা গাহৰি পালক সকলৰ পৰা গাহৰি ক্ৰয় কৰিবলৈ বাধ্য হয়।

Advertisment

অসম গাহৰি পালক সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ-চিৰাং জিলাৰ থলুৱা গাহৰি পালক সন্থাৰ সহযোগত প্ৰায় ৫০ মেট্ৰিক টন ওজনৰ গাহৰি কঢ়িয়াই নিয়া প্ৰথম দুখন বাহন গুৱাহাটী মহানগৰীৰ সমীপৰ বৰ্মিহাটলৈ ৰাওনা হয়। মঙলবাৰে তাৰে অংশ স্বৰূপে আনুষ্ঠানিক ৰাওনা কৰাৰ আগতে কাজলগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপ পথত চিৰাং জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত অৰূপ কুমাৰ চৌধুৰী, কাজলগাঁৱৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সাহিত্যিক ৰাজা দেৱজিত বসুমতাৰী আৰু অসম গাহৰি পালন সন্থাৰ ৰাজ্যিক সভাপতি বৌসুম কুমাৰ ব্ৰহ্মই পতাকা জোকাৰি আনুষ্ঠানিক ভাবে যাত্ৰা আৰম্ভ কৰে । 

উল্লেখ্য যে অসমৰ থলুৱা গাহৰি পালকসকলৰ পৰা গাহৰি ক্ৰয় নকৰি ৰাজ্যৰ একাংশ গাহৰি ব্যবসায়ৰ সৈতে জড়িত ব্যৱসায়ী চক্ৰই চিণ্ডিকেট তৈয়াৰ কৰি বিভিন্ন অনিয়মৰ মাজেদি বহিঃৰাজ্যৰ পৰা গাহৰি ক্ৰয় কৰি থলুৱা গাহৰি পালক সকলক বঞ্চিত কৰি আহিছিল। ফলস্বৰূপ প্ৰকাৰন্তৰে অসমৰ থলুৱা গাহৰি পালক সকলে বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে ।

ক্ৰমাগত আৰ্থিক দিশত ক্ষতিগ্ৰস্ত হোৱা থলুৱাৰ গাহৰি পালকসকলক সকাহ দিবলৈ অসম গাহৰি পালক সন্থাই উদ্যোগ লৈ অসম চৰকাৰৰ সচিব পৰ্যায়ত গাহৰি ব্যৱসায়ীসকলক লৈ আলোচনাত মিলিত হৈছিল। উক্ত আলোচনা সভাত বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি বন্ধ কৰি থলুৱা গাহৰি পালকসকলৰ পৰা উচিত মূল্যত গাহৰি ক্ৰয় কৰিবলৈ আহ্বান জনোৱা হৈছিল।

কিন্তু গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ বৰ্ণিহাটৰ পৰা নিয়ন্ত্ৰণ কৰা গাহৰি ব্যবসায়ী চক্ৰটোয়ে অসমৰ চৰকাৰ নিৰ্দেশনাক একাষৰীয়া কৰি বিভিন্ন অনিয়মৰ মাজেৰে বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি অব্যাহত ৰাখিছিল । ইয়াৰ পিছতেই যোৱা ১ জুন তাৰিখে অসম গাহৰি পালক সন্থাৰ আহ্বানত আৰু কোকৰাঝাৰ-চিৰাং জিলা গাহৰি পালক সন্থাৰ সহযোগত বহিঃৰাজ্যৰ পৰা গাহৰি কঢ়িয়াই অনা ট্ৰাক সমূহ চিৰাং জিলাৰ সুন্দৰীত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰায় সাত/আঠ ঘন্টা সময় আবদ্ধ কৰি ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ।

গাহৰি

এনেধৰণে বহিঃৰাজ্যৰ পৰা গাহৰি কঢ়িয়াই অনা বাহন সমূহক আবদ্ধ কৰি প্ৰতিবাদী কাৰ্যসূচী চলাই যোৱাৰ ফলত বাহনৰ ভিতৰতে বহু গাহৰিৰ মৃত্যু হোৱাৰ ফলত বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগা হয় আমদানি - ৰপ্তানিকাৰী দুয়োপক্ষই । তাৰ পিছত উপায়বিহীন হৈ গুৱাহাটীৰ গাহৰি ব্যবসায়ী সকলে অসম গাহৰি পালক সন্থাৰ সৈতে বৈঠকত মিলিত হয় আৰু উচিত মূল্যৰ বিনিময়ত থলুৱা গাহৰি পালক সকলৰ পৰা গাহৰি ক্ৰয় কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

আজি এই অনুষ্ঠানত অসম গাহৰি পালক সন্থাৰ সভাপতি বৌসুম কুমাৰ ব্ৰহ্মই কয় যে আমাৰ ৰাজ্যত আন্দোলন নকৰিলে একোৱেই নেপায় । আমি প্রথমে আলোচনাৰ মাজেৰে সমস্যা কৰাৰ চেষ্টা কৰিছিলো কিন্তু তেওঁলোকে আমাক গুৰুত্ব প্ৰদান কৰা নাছিল । আজি সেই আন্দোলনৰ ফলত আমাৰ থলুৱা গাহৰি পালক সকলে এটি উপযুক্ত বজাৰ পাবলৈ সক্ষম হৈছে যিটো আমাৰ বাবে এটা ডাঙৰ প্ৰাপ্তি ।

এই আৰম্ভ কৰা এই যাত্ৰা যাতে আগলৈ অব্যাহত তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে । অতিৰিক্ত আয়ুক্ত অৰূপ কুমাৰ চৌধুৰীয়ে কয় যে এতিয়াৰ পৰা আমাৰ থলুৱা গাহৰি পালক সকলে এটা বজাৰ পালে যিটোৰ দ্বাৰা এই অঞ্চলৰ থলুৱা গাহৰি পালক সকল আৰ্থিক দিশত সকাহ পাব।

সাহিত্যিক ৰাজা দেৱজিত বসুমতাৰীয়ে কয় যে সংগ্ৰাম কৰি আমাৰ থলুৱা গাহৰি পালক সকলে নিজৰ অধিকাৰ লবলৈ সক্ষম হৈছে এয়া অদুৰ ভবিষ্যতেও যাতে অক্ষুন্ন থাকে তাৰ সবে সততাৰে কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে । আজি বিয়লিৰ ভাগত কাজলগাঁৱৰ এই ফ্লেগঅফ কাৰ্য্যসূচীত কোকৰাঝাৰ-চিৰাং জিলাৰ গাহৰি পালন সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

chirang