Advertisment

ঋণৰ বোজা ! আৰ্থিক দীনতাত ভুগিছে মোহময়ী অভিনেত্ৰী- সাংসদ কংগণা ৰাণাৱট

বিদায়ী বছৰটোত যথেষ্ট উত্থান- পতনেৰে দিন কটাইছে মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱটে। ইটোৰ পাছত সিটো ঋণলৈ এতিয়া আৰ্থিক দীনতাত ভুগিছে অভিনেত্ৰী তথা সাংসদ কংগণা ৰাণাৱট। 

author-image
Asomiya Pratidin
New Update
Kangana Ranaut

Kangana Ranaut

ডিজিটেল ডেস্ক : বিদায়ী বছৰটোত যথেষ্ট উত্থান- পতনেৰে দিন কটাইছে মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱটে। ইটোৰ পাছত সিটো ঋণলৈ এতিয়া আৰ্থিক দীনতাত ভুগিছে অভিনেত্ৰী তথা সাংসদ কংগণা ৰাণাৱট। 

Advertisment

কেৱল ইমানেই নহয়, ঋণৰ বোজা সহিব নোৱাৰি বিক্ৰী কৰিছে সপোনৰ ফ্লেটটো। জানিব পৰা মতে মুম্বাইত থকা তেওঁৰ বিলাসী ফ্লেটটো বিক্ৰী কৰিছে ৩২ কোটি টকাত।

ফ্লেট বিক্ৰী কৰিও ঋণৰ জোৰা- টাপলি মাৰিব পৰা নাই অভিনেত্ৰীগৰাকীয়ে। ইফালে তেওঁৰ প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মিত ইমাৰ্জেন্সি নামৰ ছবিখন মুক্তি দিয়াৰ ক্ষেত্ৰতো আৰ্থিক সমস্যাই দেখা দিছে। বিগত সময়ছোৱাত বিভিন্ন কাৰণত ছবিখন মুক্তি দিব পৰা নাছিল যদিও এতিয়া আকৌ আৰ্থিক সমস্যাৰ বাবে বিলম্ব হৈছে ছবিখনৰ মুক্তিৰ ক্ষেত্ৰত।

উল্লেখযোগ্য যে ছবিখন নিৰ্মাণ কৰি থকা সময়ছোৱাত কংগণাই নিজৰ ফ্লেটটো বন্ধকত পৰ্যন্ত ৰাখিবলগীয়া হৈছিল। জানিব পৰা মতে ২৭ কোটি ঋণ লাভৰ বাবে তেওঁ এই ফ্লেটটো বন্ধকত ৰাখিছিল। ঋণৰ টকাৰে আগুৱাই নিছিল ছবি নিৰ্মাণৰ কাম।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে কংগণা ৰাণাৱট অভিনীত তথা প্ৰযোজিত ইমাৰ্জেন্সি নামৰ ব্যয়বহুল ছবিখন ২০২৪ৰ ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰাৰ কথা আছিল। কিন্তু চেন্সৰ ব’ৰ্ডে বান্ধি দিয়া কিছু নীতি- নিয়মৰ বাবে ছবিখনে মুক্তি লাভ কৰা নাছিল। ১৯৭৫ৰ দেশৰ জৰুৰীকালীন সময়ৰ পটভূমিত নিৰ্মিত এই ছবিখনত কংগনাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। 

অৱশ্যে ইমানবোৰ দুখনৰ মাজতো ২০২৪ত কংগণাই দেখিছে আশাৰ পোহৰ। চলিত বৰ্ষত অনুষ্ঠিত ১৮ সংখ্যক লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হৈছে কংগণা ৰানৱট। নৱবৰ্ষৰ প্ৰাকক্ষণত অনুৰাগীসকলৰ এটাই আশা- শীঘ্ৰেই দূৰ হ’ব প্ৰিয় অভিনেত্ৰীগৰাকীৰ এই আৰ্থিক সমস্যা। নতুন বছৰত পুনৰ সুদিন উভতি আহিব কংগণাৰ জীৱনলৈ। এক কথাত ২০২৫ত দুৰ্দিন আঁতৰি কংগণাৰ জীৱনলৈ ঘূৰি আহিব সুদিন !

kangana ranaut