/asomiyapratidin/media/media_files/2025/07/25/prem-2025-07-25-23-59-33.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰত পুনৰ সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা । ১০ বছৰীয়া সন্তানক এৰি অন্য যুৱকৰ সৈতে বোৱাৰী পলায়নৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে। উল্লেখযোগ্য যে, চিলাপথাৰত দিনক- দিনে বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা।
উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশত গাড়ী চলাই পৰিয়ালৰ পোহপাল দি থকা স্বামী বৈকুণ্ঠ দাসে উত্থাপান কৰা অভিযোগ মতে- তেওঁৰ পত্নীয়ে দীৰ্ঘদিনৰ পৰাই বেংগালুৰুত থকা ৰাতুল নামৰ এজন যুৱকৰ লগত ফোনযোগে চলাই আছিল মধুৰ সম্পৰ্ক। এই কথা জনাৰ পাছত স্বামী বৈকুণ্ঠই ৰাতুল নামৰ যুৱকজনৰ সৈতে যোগাযোগ নাৰাখিবলৈ কৈছিল যদিও স্বামীৰ কথাৰ প্ৰতি কেৰেপ কৰা নাছিল পত্নীয়ে।
যোৱা ১৫ জুলাইত স্বামীৰ অনুপস্থিতিত পত্নীয়ে পুত্ৰক সম্পৰ্কীয়ৰ ঘৰত থৈ বজাৰ কৰিবলৈ গৈ তেতিয়াৰ পৰাই আজিলৈকে কোনো সন্ধান নাই বুলি স্বামীয়ে জনায়। তাৰোপৰি নগদ ৭০ হেজাৰ টকাৰ লগতে বহু আ-অলংকাৰ লৈ যোৱা বুলি তেওঁ জনায়।
লক্ষ্যণীয়ভাৱে উক্ত সময়ৰ পৰাই বন্ধ হৈ আছে ৰাতুলৰ ম'বাইল ফোন। ইতিমধ্যে এই ঘটনাক লৈ স্বামীয়ে চিলাপথাৰ থানাত দাখিল কৰিছে এজাহাৰ। একমাত্ৰ শিশু পুত্ৰৰ কথা ভাবি হ’লেও পত্নীক উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে স্বামী বৈকুণ্ঠই।