বিটিচি নিৰ্বাচনক লৈ তৎপৰ বিপিএফ দল

আগন্তক বিটিচি নিৰ্বাচনকলৈ তৎপৰ হৈছে বিপিএফ দল। বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিত নিৰ্বাচনী কাম কাজ তীব্রতৰ কৰি থকা সময়তে ১নং পৰ্বতঝোৰা সমষ্টিৰ মহামায়া ভিচিডিচিৰ আংগাৰকাটাত শুকুৰবাৰে যোগদান সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2025-06-28 at 12.52.52 PM

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ আগন্তক বিটিচি নিৰ্বাচনকলৈ তৎপৰ হৈছে বিপিএফ দল। বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিত নিৰ্বাচনী কাম কাজ তীব্রতৰ কৰি থকা সময়তে ১নং পৰ্বতঝোৰা সমষ্টিৰ মহামায়া ভিচিডিচিৰ আংগাৰকাটাত শুকুৰবাৰে যোগদান সভা অনুষ্ঠিত হয়।

Advertisment

স্থানীয় এমচিএলএ মুনমুন ব্ৰহ্মৰ উপস্থিতিত শাসকীয় ইউপিপিএল দলৰ পৰা প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। মুন মুন ব্ৰহ্মই শাসকীয় দল ইউপিপিএল আৰু বিটিআৰৰ মুৰব্বী প্রমোদ বড়োক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।

Capture

প্রমোদ বড়োৱে দেৱৰগাঁও সমষ্টিত হাৰিব বুলি কোৱা মন্তব্যক মুনমুন ব্ৰহ্মই উভতি ধৰি কয়, "প্রমোদ বড়ো আৰু ফেৰেঙাৰ আত্মা সন্তুষ্টি পোৱাৰ বাহিৰে একো নহয়, দেৱৰগাঁও হাগ্ৰামা মহিলাৰীৰ নিজৰ অঞ্চল। ৰাইজ হাগ্ৰামা মহিলাৰী লগত, দেৱৰ গাঁওত ইউপিপিএল নাই" বুলিও কৰে উল্লেখ।

ইফালে প্রমোদ বড়োৱে "যদি উন্নয়ন চাব লাগে তেন্তে তামুলপূৰত যাওঁক" বুলি কৰা মন্তব্যৰ উত্তৰ দি ব্ৰহ্মই কয়, "যদি উন্নয়ন কৰিছে এখন ফটো দেখুৱাক। প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰে ভূমিৰ পাট্টা দিয়া বুলি কোৱা কথা ভুৱা কোনো মাটিৰ পাট্টা দিয়া নাই, মাক দেউতাকৰ নামৰ ভূমি পুত্ৰ কন্যাক ভগাই দিয়াটো পাট্টা দিয়া কয় নেকি বুলি প্ৰশ্ন কৰে। ২৫ পৰিষদীয় সমষ্টিত বিপিএফ দল জিকিব" বুলিও কৰে উল্লেখ।

বিপিএফ ইউপিপিএল