প্ৰতিমূৰ্তিৰ তলত ‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থ উন্মোচন

বোকাখাতৰ আগৰণুৱা মহিলা, সমাজসেৱিকা তথা লেখিকা স্মৃতি ৰেখা দাসৰ ঐতিহাসিক তথ্য সম্বলিত মূল্যৱান গ্ৰন্থ এখন ১২ মে’ত উন্মোচন কৰা হয় ৷ এক ব্যতিক্ৰমী পন্থাৰে গ্ৰন্থখন উন্মোচন কৰা হয়৷ 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থ উন্মোচন

‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতৰ আগৰণুৱা মহিলা, সমাজসেৱিকা তথা লেখিকা স্মৃতি ৰেখা দাসৰ ঐতিহাসিক তথ্য সম্বলিত মূল্যৱান গ্ৰন্থ এখন ১২ মে’ত উন্মোচন কৰা হয় ৷ এক ব্যতিক্ৰমী পন্থাৰে গ্ৰন্থখন উন্মোচন কৰা হয় ৷ 

বোকাখাতস্থিত সমজিলা কাৰ্যালয়ৰ চৌহদত থকা আৱক্ষ প্ৰতিমূৰ্তিৰ তলত একাংশ মহিলা সমৱেত হৈ গ্ৰন্থখন উন্মোচন কৰে ৷ গ্ৰন্থখনৰ নাম হৈছে ‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ ৷ 

‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থখন বৌদ্ধ পূৰ্ণিমাৰ দিনটোত আনুষ্ঠানিকভাৱে মুকলি কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷ সিদিনা বোকাখাত সমজিলাৰ কাৰ্যালয়ৰ সতী ৰাধিকাৰ প্ৰতিমূৰ্তিৰ তলত কেইবাগৰাকী গণ্য-মান্য লোকৰ উপস্থিতিত স্মৃতি ৰেখা দাসে মূল্যৱান গ্ৰন্থখন পঢ়ুৱৈৰ হাতত তুলি দিয়ে৷ 

অতি কষ্টৰে ঐতিহাসিক তথ্য সংগ্ৰহ কৰি আই মহাসতীয়ে সমাজৰ বাবে কৰা বিৰল কৰ্তব্যৰ কথা যুৱ প্ৰজন্মৰ মাজলৈ নিবৰ বাবে গ্ৰন্থখন লিখা বুলি উল্লেখ কৰিছে স্মৃতি ৰেখা দাসে৷ স্মৃতি ৰেখা দাসে কয় যে, কলম হাতত তুলি লোৱাৰ প্ৰয়োজন আহি পৰিছে ৷ আমি আমাৰ বীৰ পুৰুষ-মহিলাসকলক পাহৰি যাব ধৰিছো ৷ নৱ প্ৰজন্মই আমাৰ মহাসতী সতী ৰাধিকাক যাতে অন্তৰ পৰা জানিব পাৰে তাৰ বাবে মই অশেষ কষ্ট কৰি হাতপুথি আকাৰে গ্ৰন্থখন ছপা কৰি ৰাইজৰ হাতত তুলি দিছো ৷ 

প্ৰতিমূৰ্তিৰ তলত ‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থ উন্মোচন
প্ৰতিমূৰ্তিৰ তলত ‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থ উন্মোচন

লগতে কয়- “মই আশা কৰিছো যে গ্ৰন্থ পঢ়ি কেৱল নৱ প্ৰজন্মই নহয়, সমাজৰ প্ৰতিগৰাকী লোক উপকৃত হ’ব৷ মোৰ মা-দেউতাৰ অনুপ্ৰেৰণা, শিক্ষাগুৰুসকলৰ কৃপাত মোৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা সফল হৈছে৷“ 

স্মৃতি ৰেখা দাসে আৰু কয় যে সতী ৰাধিকাৰ আমাৰ গৰ্ব৷ সমাজত বৰ্তি থকা অস্পৃশ্যতা, নাৰীৰ প্ৰতি অৱহেলাৰ বিপৰীতে সাহসী সতী ৰাধিকা আই নাৰীৰ প্ৰতীক। পৃথিৱীৰ সমস্ত নাৰীৰ মৰ্যাদাক প্ৰতীক বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ ১৫০০ শতিকাতে কৈৱৰ্ত বংশৰ এইগৰাকী সাধাৰণ মহিলাই বীৰত্বৰে নিজৰ সমাজখনক প্ৰতিনিধিত্ব কৰিছিল আৰু উচ্চ-নীচৰ ভেদাভেদ নাইকীয়া কৰিবলৈ প্ৰয়াস কৰিছিল।

গ্ৰন্থ