বোমা বিস্ফোৰণঃ ছিন্ন-ভিন্ন হৈ পৰি ৰৈছে মৃতদেহ

ছিন্ন-ভিন্ন হৈ পৰি ৰৈছে মৃতদেহ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ  আৰক্ষীৰ দলে সমগ্ৰ অঞ্চলটো ছীল কৰি দিয়া লগতে আহত সকলক চিকিতসাৰ ব্যৱস্থা কৰিছে।

New Update
1

ডিজিটেল ডেস্কঃ  দিল্লী লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বোমা বিস্ফোৰণত মৃতকৰ সংখ্যা ক্ৰমাত বৃদ্ধি পাইছে। এই পৰ্যন্ত ১০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা তথ্য পোৱা গৈছে।

আনহাতে ঘটনাস্থলীত ছিন্ন-ভিন্ন হৈ পৰি ৰৈছে মৃতদেহ। বোমা বিস্ফোৰণত আহতৰ হাত-ভৰি ছিঙি যোৱা লগতে গুৰুতৰভাৱে আহত হয় বহু লোক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ  আৰক্ষীৰ দলে সমগ্ৰ অঞ্চলটো ছীল কৰি দিয়া লগতে আহত সকলক চিকিতসাৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে, আজি সন্ধিয়া ৰাজধানী দিল্লীত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। লালকিল্লাৰ সমীপত সংঘটিত হয় বোমা বিস্ফোৰণ।  এখন চাৰিচকীয়া বাহনত বোমা ৰখাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। 

লালকিল্লা নতুন দিল্লী