/asomiyapratidin/media/media_files/2025/08/10/69-2025-08-10-19-26-05.jpg)
ডিজিটেল সংবাদ, বাক্সা : দেওবাৰে পুনৰ বাক্সাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। বাক্সা জিলাৰ আনন্দপুৰ চি ব্ল'কত দিহিৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
আজিৰ এই সভাত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । সভাত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
তেওঁ কয় যে, বিটিআৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব বিজেপিয়ে । বুজাবুজি মোৰ হাগ্ৰামা মহিলাৰীৰ লগতো আছে, প্ৰমোদ বড়োৰ লগতো আছে, অঞ্জলি বাইদেউৰ লগতো আছে । কিন্তু আমি নিৰ্বাচন অকলে খেলিম । আমি বিটিআৰত সকলো ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰাটোৱে বিচাৰিছোঁ যাতে অন্য স্থানৰ দৰে বিটিআৰৰ মানুহেও অনুভৱ কৰিব পাৰে ।
ইফালে বিটিআৰত ভিচিডিচি নোহোৱা বুলি কৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে যদি ভিচিডিচি থাকে নিৰ্বাচনৰ প্ৰক্ৰিয়াৰে হ'ব লাগিব যেনেদৰে পঞ্চায়তৰ নিৰ্বাচন হয় । মুখ্যমন্ত্ৰীৰ হানি ট্ৰেপিং প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে মই মোৰ দায়িত্ব পালন কৰি আছোঁ । যিয়ে যি ষড়যন্ত্ৰই নকৰক কিয় একো কৰিব নোৱাৰে । এইবিলাক আমাৰ সংস্কৃতি নহয়, গতিকে সুধিব লাজ লাগে ।
বাক্সা জিলাৰ এ-বি-চি ব্ল'কৰ ভূমিৰ সমস্যা সমাধানৰ বিষয়তো মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । শৃংখল চলিহা বিজেপিৰ এজেণ্ট বুলি কোৱা অখিল গগৈৰ অভিযোগ নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মোৰ সেইবিলাক মাথা মাৰিব সময় নাই। কাক উচ্ছেদ কৰিব লাগে সেয়া আমি চাইছো ।
বিটিআৰৰ উচ্ছেদ সম্পৰ্কত কথা কোৱা পৰিৱেশ এতিয়া নাই বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে বিটিআৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে গতিকে বড়ো ভাই সকলে কিয় ইমান বছৰ সংগ্ৰাম কৰিলে ।খিলঞ্জীয়াৰ হাতত বন্দুক দিয়া প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বন্দুক আমাক লাগে । বন্দুক নহ'লে দক্ষিণ শালমাৰা, মানকাছাৰ কেনেকৈ যাব ।