/asomiyapratidin/media/media_files/2025/05/12/lQt3QbaRwx8bQgoVcsG0.jpg)
ঘোষিত অধিকাংশ জিলা পৰিষদত বিজেপিৰ জয়জয়কাৰ
ডিজিটেল ডেস্ক : ৰাজ্যত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ১১ মে’ৰ পৰা আজিপৰ্যন্ত চলি আছে। এতিয়াও ৰাজহুৱা হ’বলৈ বাকী আছে বহুকেইটা পদৰ ফলাফল। ইতিমধ্যে ঘোষিত হোৱা ফলাফল অনুসৰি অধিকাংশ জিলা পৰিষদ দখল কৰিছে বিজেপি দলে।
অৱশ্যে তাৰ মাজতে কংগ্ৰেছও কিছু কিছু পঞ্চায়তত সাফল্য বুটলিবলৈ সক্ষম হৈছে। নিৰ্বাচনৰ শেহতীয়া ফলাফল অনুসৰি প্ৰায়বোৰ পঞ্চায়ততে বিজেপি - মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। সেই অনুসৰি মাজুলীৰ ৪খন জিলা পৰিষদত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। মৰিগাঁৱতো ৪খন জিলা পৰিষদত বিজেপি প্ৰাৰ্থীয়ে ভালেসংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হৈছে।
একেদৰে শ্ৰীভূমি জিলাৰ ১৬খন জিলা পৰিষদৰ ১১খনত বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। তাৰোপৰি যোৰহাটৰ ৪খন জিলা পৰিষদত বিজেপিয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। কাছাৰৰ লক্ষীপুৰতো অৱ্যাহত আছে বিজেপিৰ জয়জয়কাৰ। লক্ষ্যণীয়ভাৱে ধুবুৰীৰ ২খন জিলা পৰিষদত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।