ৰঙানদীত বিজেপিয়ে আৰম্ভ কৰিলে পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি প্ৰথমখন সমাৱেশ

আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে শাসকীয় দল বিজেপিয়ে। লখিমপুৰৰ ৰঙানদীত বিজেপিয়ে আৰম্ভ কৰিলে পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি প্ৰথমখন সমাৱেশ ৷ য’ত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আঠ হাজাৰৰোধিক লোকক সম্বোধন কৰিলে অগ্ৰগামী অসম শীৰ্ষক এক অনুষ্ঠানত ৷ 

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ ব্যস্ত দিল্লীত হাইকামাণ্ডৰ ঘৰত, আমি ব্যস্ত ৰাইজৰ মাজত

কংগ্ৰেছ ব্যস্ত দিল্লীত হাইকামাণ্ডৰ ঘৰত, আমি ব্যস্ত ৰাইজৰ মাজত

ডিজিটেল সংবাদ, ৰঙানদী: আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে শাসকীয় দল বিজেপিয়ে। লখিমপুৰৰ ৰঙানদীত বিজেপিয়ে আৰম্ভ কৰিলে পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি প্ৰথমখন সমাৱেশ ৷ য’ত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আঠ হাজাৰৰোধিক লোকক সম্বোধন কৰিলে অগ্ৰগামী অসম শীৰ্ষক এক অনুষ্ঠানত ৷ 

Advertisment

যুৱনেতা ঋষিৰাজ হাজৰিকাৰ উদ্যোগত আয়োজন কৰা ৰঙানদী উন্নয়ন মঞ্চৰ বেনাৰত অনুষ্ঠিত সমাৱেশত ভাগ লৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী গৰাকীয়ে  সাংবাদিকক সদৰী কৰে যে,  “কংগ্ৰেছ ব্যস্ত দিল্লীত হাইকামাণ্ডৰ ঘৰত আৰু আমি ব্যস্ত ৰাইজৰ মাজত ৷ আমি প্ৰতিটো নিৰ্বাচনক গুৰুত্ব সহকাৰে লওঁ৷ জনগোষ্ঠীয় লোকসকলে অখিল লুৰিণৰ জাতীয়তাবাদক নসাৎ কৰিছে ৷ তেঁওলোক ৰাহুল গান্ধী আৰু বাদ্ৰাৰ হকে জাতীয়তাবাদী" বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

অসম বিজেপি বিজেপি