বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন বিধি উলংঘাৰ গুৰুতৰ অভিযোগ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ নামত গোলাঘাটত শাসনাধিষ্ঠ বিজেপি দলে নিৰ্বাচন বিধি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাই।

author-image
Asomiya Pratidin
New Update
  সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ সংবাদমেল

সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ সংবাদমেল

ডিজিটেল সংবাদ, মেৰাপানী: পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ নামত গোলাঘাটত শাসনাধিষ্ঠ বিজেপি দলে নিৰ্বাচন বিধি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাই। বিশেষকৈ গোলাঘাট জিলা বিজেপিৰ উপ-সভাপতি পোনা বৰাই ৱাৰ্ড সদস্য প্ৰাৰ্থীসকলৰ বিজেপিকৰণ কৰি প্ৰচাৰ চলাইছে বুলি অভিযোগ তুলিছে ছাত্র সংগঠনটোৱে।

উল্লেখযোগ্য যে, এইবাৰৰ নিৰ্বাচনত ৱাৰ্ড সদস্য সকল নিৰপেক্ষ ব্যক্তি হ'ব লাগিব বুলি নিৰ্বাচনী আয়োগে নিৰ্দেশনা দিয়াৰ লগতে কোনো ৰাজনৈতিক দলৰ বেনাৰত ৱাৰ্ড সদস্যই নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি স্পষ্ট নিৰ্দেশনা আছে। কিন্তু তাৰপাছতো গোলাঘাট বিধানসভা সমষ্টিৰ অধীনৰ তৰাণী আৰু ৰতনপুৰ জিলা পৰিষদ এলেকাত বিজেপি দলে নিজা ৱাৰ্ড সদস্য সকলৰ হৈ ব্যাপক প্ৰচাৰ চলাই আছে। অনুসূচিত জাতি ছাত্র সন্থাৰ দৈয়াং আঞ্চলিক সমিতিয়ে সোমবাৰে মেৰাপানীত এক সংবাদমেল অনুস্থিত কৰি এই সন্দৰ্ভত শাসনাধিষ্ঠ বিজেপি দলৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। দৈয়াং আঞ্চলিক সমিতিৰ সভাপতি উদ্ধৱ দাসে অভিযোগ কৰা অনুসৰি গোলাঘাট বিজেপিৰ উপ সভাপতি পোনা বৰাই অনুসূচিত জাতি অধ্যুষিত ৱাৰ্ডসমূহত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী সকলক ভোট দিবলৈ হেঁচা প্ৰয়োগ কৰিছে। ইফালে, সংবাদমেলখনত ছাত্র সংগঠনটোৱে কৰা আন এক গুৰুতৰ অভিযোগ অনুসৰি নিৰপেক্ষ ব্যক্তি হিচাপে পৰিচিত গাঁওপ্ৰধান সকলক বিজেপি দলে নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছে।

মেৰাপানী অসম বিজেপি পঞ্চায়ত নিৰ্বাচন