/asomiyapratidin/media/media_files/2025/01/23/bqlxVaJ3QjPQL61lp0Gx.jpg)
কল্পজ্যোতি ফাউণ্ডেচনৰ উদ্যোগত গৌৰীপুৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন...
ডিজিটেল সংবাদ, ধুবুৰী : প্ৰতি বছৰৰ দৰে এই বছৰো কল্পজ্যোতি ফাউণ্ডেচনে ধুবুৰীৰ গৌৰীপুৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। গৌৰীপুৰৰ নেচনেল বয়েজ ক্লাব পৰিসৰত নেতাজীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ পাছত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
এই উপলক্ষে উক্ত অনুষ্ঠানত চহৰখনৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত বিভিন্ন সংস্থাৰ বিষয়া আৰু সদস্য, বিভিন্ন সংবাদ মাধ্যমৰ বিষয়া আৰু আন বহুতো লোক উপস্থিত থাকি নেতাজীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে, সুৱল দে আৰু দুৰ্লভ বাচাকে নেতাজীৰ জীৱন আৰু শিক্ষাৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে। বক্তাসকলে আজিৰ সমাজত নেতাজীৰ চিন্তা আৰু শিক্ষাৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত আলোকপাত কৰে। ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁৰ অতুলনীয় অৱদান আৰু সংগ্ৰামক শ্ৰদ্ধাৰে স্মৰণ কৰে উক্ত অনুষ্ঠানত ।
উল্লেখ্য যে, কল্পজ্যোতি ফাউণ্ডেশ্যনৰ প্ৰচেষ্টাত চাৰিদিনীয়া, ধুবুৰী জিলাৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপনত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠিত হয়। লগতে, বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
কল্পজ্যোতি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শায়ন সাহাই এই অনুষ্ঠানটো সফল কৰি তোলাত সহায় কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।