/asomiyapratidin/media/media_files/2025/07/10/358-2025-07-10-07-57-49.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : বুধবাৰে বীৰ লাচিত সেনা, অসমৰ চৰাইদেউ আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয় ৷
এই উপলক্ষে চৰাইদেউ পৰ্যটন ভৱনত সমাজকৰ্মী সত্যেনে কোঁৱৰ সভাপতি অনুষ্ঠিত হয় এখন সাধাৰণ সভা।
সভাত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ শৃংখল চলিহা ,ৰণ্টু পানিফুকন ,চৰাইদেউ জিলাৰ সম্পাদক ভাস্কৰ ৰাজকোঁৱৰ উপস্থিত থাকে ৷ সভাই বিতোপন শইকীয়া সভাপতি আৰু কল্যাণ বৰগোহাঁইক সম্পাদক হিচাপে লৈ চৰাইদেউ আঞ্চলিক সমিতিখন গঠন কৰে ৷
সভাত শতাধিক যুৱকে বীৰ লাচিত সেনাত যোগদান দিয়ে বুলি জানিব পৰা গৈছে ৷