বিটিআৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টিৰ ব্যাপক প্রস্তুতি : ২৪ জুনত মছলপুৰত ৰাজনৈতিক মন্থন

আগন্তুক বি টি আৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টিয়ে প্রস্তুতি ক্রমান্বয়ে তীব্র কৰি তুলিছে। নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্রতিটো পৰিষদীয় সমষ্টিত দলৰ সংগঠন বুথ পৰ্য্যায়ত সবল আৰু সমৃদ্ধ কৰি তুলিবৰ কাৰণে ইতিমধ্যে ৪০ গৰাকী জেষ্ঠ্য কাৰ্য্যকর্তাক দায়িত্ব অর্পন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ৰাজনৈতিক মন্থন

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ, গুৱাহাটী : আগন্তুক বি টি আৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টিয়ে প্রস্তুতি ক্রমান্বয়ে তীব্র কৰি তুলিছে। নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্রতিটো পৰিষদীয় সমষ্টিত দলৰ সংগঠন বুথ পৰ্য্যায়ত সবল আৰু সমৃদ্ধ কৰি তুলিবৰ কাৰণে ইতিমধ্যে ৪০ গৰাকী জেষ্ঠ্য কাৰ্য্যকর্তাক দায়িত্ব অর্পন কৰা হৈছে। 

Advertisment

বি টি আৰৰ ৪০ টা পৰিষদীয় সমষ্টিৰ অন্তর্গত প্রতিটো বুথলৈ গৈ জেষ্ঠ্য কার্য্যকর্তাসকলে সংগঠনৰ পুনৰীক্ষণ কৰিব বুলি এক বিবৃতিত এই কথা উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে আগন্তুক বি টি আৰ নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে অধিকাংশ পৰিষদীয় সমষ্টিতে প্রার্থী প্রক্ষেপ কৰাৰ কথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই ইতিমধ্যে কেইবাবাৰো ঘোষণা কৰিছে। 

বি টি আৰ নিৰ্বাচনৰ প্ৰস্তুতিক নতুন মাত্রা দিবৰ বাবে অহা ২৪ জুনৰ দিনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা প্রসাদ তাছা, বি টি আৰ নিৰ্বাচনৰ বাবে দায়িত্বপ্রাপ্ত মন্ত্রী আৰু যুটীয়া তত্বাবধায়কসকল, বি টি আৰৰ অন্তর্ভুক্ত পাঁচোখন জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকল, জিলা প্ৰভাৰী আৰু সহ-প্রভাৰী, ৪০ খন পৰিষদীয় সমষ্টিৰ তত্বাবধায়ক, বিধায়ক, ইএম, এম চি এল এ, সংশ্লিষ্ট জিলাসমূহৰ সামাজিক মাধ্যমৰ আহ্বায়কসকলৰ উপস্থিতিত বাক্সা জিলাৰ মছলপুৰত মন্থন কৰিব বুলি বিবৃতিত উল্লেখ কৰা হৈছে। 

এই মন্থনৰ পিছতেই বি টি আৰৰ ভৌগলিক ক্ষেত্ৰত ভাৰতীয় জনতা পার্টিৰ সাংগঠনিক কাম-কাজে নতুন ৰূপ ল'ব বুলি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা বিবৃতিটোত আশা ব্যক্ত কৰা হৈছে।

bjp election