/asomiyapratidin/media/media_files/2025/07/20/ap-for-web-gu-2025-07-20-21-30-35.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ বি এড প্ৰৱেশিকা পৰীক্ষা সমগ্ৰ অসমজুৰি ২০ জুলাইত সফলতাৰে সম্পন্ন হয়। প্ৰৱেশিকা পৰীক্ষা সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে,"গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ শিক্ষা জগতত সদায় অৱদান আগবঢ়াই আহিছে। শিক্ষাৰ্থীৰ সপোনক ভৱিষ্যত দিনত বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমি সংকল্পবদ্ধ । আশা কৰিছোঁ বি এড প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসমূহে আশানুৰূপ ফলাফল লাভ কৰিব । "
অসমৰ ১৬ খন চহৰৰ ১৮টা পৰীক্ষা কেন্দ্ৰত মুঠ ১৫,২৮২ আবেদনকাৰী প্ৰাৰ্থীৰ ১৪,৭৬০ গৰাকী প্ৰাৰ্থী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত ৩৩৩২ গৰাকী প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় । পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীৰ হাৰ ৯৬.৫৮ % , যিটো উচ্চ শিক্ষাৰ বাবে এক ইতিবাচক দিশ ।
শেহতীয়াকৈ টাইমছ হায়াৰ এডুকেচন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২৫ আৰু ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা এ প্লাচ স্বীকৃতিত বিশ্বব্যাপী স্বীকৃতি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ে সমগ্ৰ উত্তৰ-পূবত শৈক্ষিক দিশত ধাৰাবাহিকভাৱে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই পৰীক্ষা সন্দৰ্ভত কয় যে, “GUBEDCET-2025 ৰ সফল পৰিচালনাই বিশ্ববিদ্যালয়ৰ নিখুঁত পৰিকল্পনা আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। উক্ত প্ৰক্ৰিয়াটো সফলভাৱে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষ ধন্যবাদ জনাইছো আৰু সকলো প্ৰাৰ্থীক শুভেচ্ছা জনাইছো।”
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us