/asomiyapratidin/media/media_files/2024/12/01/HPWRqH5ZGqcnsip1Qyyl.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : অসম চৰকাৰৰ বন বিভাগক ৰাজহ ফাঁকি দি অবৈধভাৱে শিল-বালি কঢ়িওৱা ট্ৰেক্টৰ আৰু ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰখা বৰগাং ৰেঞ্জৰ ৰেঞ্জাৰ চন্দন ৰাজখোৱাই দেওবাৰে পুনৰ দুখন ট্ৰেক্টৰ আৰু ডাম্পাৰ জব্দ কৰে। বৰগাং নৈৰ বৰঝাৰণি মহলৰ পৰা চালান বিহীনভাৱে শিল- বালি কঢ়িয়াই অনাৰ অপৰাধত আজি দুপৰীয়া বনাঞ্চলিক বিষয়াগৰাকীয়ে চেৰেলীয়া পথাৰৰ পৰা জব্দ কৰে এএছ ১২ বিচি ৭৪৭৫ নম্বৰৰ এখন ট্ৰেক্টৰ।
একেদৰে বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাই আজি চিংলীজান খণ্ড বন বিষয়া কাৰ্য্যলয়লৰ খণ্ড বন বিষয়া ধনজিৎ চেতিয়াৰ সহযোগত চলোৱা আন এক অভিযানত বুৰৈ নৈৰ মহলৰ পৰা অবৈধভাৱে শিল- বালি কঢ়িওৱাৰ অপৰাধত নম্বাৰ প্লেট বিহীন এখন ডাম্পাৰ জব্দ কৰে।
উল্লেখ্য যে উক্ত দুয়োখন বাহনে বন বিভাগৰ চালান অবিহনে শিল- বালি কঢ়িয়াই আনিছিল। উক্ত ট্ৰেক্টৰ আৰু ডাম্পাৰৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বৰগাং বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাই। উল্লেখযোগ্য যে মাত্ৰ এসপ্তাহ পূৰ্বে উক্ত বিষয়াগৰাকীয়ে চালান বিহীনভাৱে শিল- বালি কঢ়িওৱাৰ অভিযোগত প্ৰায় ৬ খন ট্ৰেক্টৰ আৰু ডাম্পাৰ জব্দ কৰিছিল।