/asomiyapratidin/media/media_files/2025/12/20/new-ap-web-4-10-2025-12-20-13-46-04.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্য়ৰ গাহৰি পালক আৰু মাংস প্রেমীসকলৰ বাবে নিশ্চয়কৈ এক সকাহৰ খবৰ। শেহতীয়াকৈ ৰাজ্যৰ ৭ খন জিলাত গাহৰি মাংস বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। প্ৰধানকৈআফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল।
বৰ্তমান পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহাৰ বাবে নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে, আফ্রিকান ছোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা ১৬ নৱেম্বৰৰ পৰা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু দৰং জিলাত গাহৰি মাংস বিক্ৰীৰ লগতে গাহৰিৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছিল।
শেহতীয়াকৈ নমুনা পৰীক্ষাত আফ্রিকান ছোৱাইন ফিভাৰ ঋণাত্মক হোৱাত মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে। অৱশ্যে আন্তঃ জিলা গাহৰি সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব। ইপিনে, বহিঃৰাজ্যৰ পৰা চাৰ্টিফাইড গাহৰি সৰবৰাহ কৰিব পাৰিব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।
ছোৱাইন ফিভাৰৰ প্রাদুর্ভাবৰ ফলত এই জিলাসমূহত ব্যাপক হাৰত গাহৰি নিধন কৰাৰ ফলত গাহৰি পালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়। ধেমাজি জিলাত গাহৰি মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত জিলা প্রশাসনে পূর্বে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰাত গাহৰি পালকসকলে সকাহ পাইছে। এই সন্দর্ভত জিলা প্রশাসনে কালি আন এখন জাননীযোগে ব্যবসায়ীসকলে বজাৰত পুনৰ গাহৰি মাংস বিক্ৰী কৰিব পাৰিব বুলি জনোৱা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us