অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত বি এফ এছে দিব বতৰৰ নিখুঁত আগজাননী...

মেক ইন ইণ্ডিয়াৰ অধীনত ভাৰতৰ প্ৰযুক্তিখণ্ডত সংযোজন হ’ল এক নতুন প্ৰযুক্তি। শেহতীয়াকৈ সংযোজিত প্ৰযুক্তিবিধে ভাৰতৰ বতৰৰ ভৱিষ্যদ্বাণী ক্ষমতা আৰু অধিক সুদৃঢ় কৰিব। তাৰোপৰি ই নিখুঁত আগজাননী প্ৰদান কৰিব

author-image
Asomiya Pratidin
New Update
আগজাননী

ডিজিটেল ডেস্ক : মেক ইন ইণ্ডিয়াৰ অধীনত ভাৰতৰ প্ৰযুক্তিখণ্ডত সংযোজন হ’ল এক নতুন প্ৰযুক্তি। শেহতীয়াকৈ সংযোজিত প্ৰযুক্তিবিধে ভাৰতৰ বতৰৰ ভৱিষ্যদ্বাণী ক্ষমতা আৰু অধিক সুদৃঢ় কৰিব। তাৰোপৰি ই নিখুঁত আগজাননী প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে। 

উল্লেখযোগ্য যে, নতুন প্ৰযুক্তি ব্যৱস্থাটোৰ নাম হৈছে ভাৰত পূৰ্বাভাস ব্যৱস্থা চমুকৈ বি এফ এছ। সোমবাৰে নতুন দিল্লীৰ এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে আনুষ্ঠানিভাৱে উন্মোচন কৰে এই ব্যৱস্থাটো।

ই হৈছে বিশ্বৰ সৰ্বোচ্চ ৰিজ’লিউচনৰ বতৰ মডেল। যিটো ৬ কিলোমিটাৰ গ্ৰীডত চলি থাকে। পাৰ্থসাৰথি মুখোপাধ্যায়কে ধৰি কেইবাগৰাকীগৱেষকে প্ৰস্তুত কৰিছে ইয়াৰ আৰ্হি। 

এই সম্পৰ্কত এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, নতুনকৈ সংযোজিত হোৱা এই ব্যৱস্থাটোৱে বতৰৰ আগলি বতৰা নিৰ্ধাৰণ কৰাত ই উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিব। এই ব্যৱস্থাটোৰ ফলত দেশত হ্ৰাস পাব দুৰ্যোগৰ আশংকা। উপকৃত হ’ব কৃষি, জলসম্পদ ব্যৱস্থাপনাকে ধৰি কেইবাটাও খণ্ড।

বতৰ বতৰ বিজ্ঞান কেন্দ্ৰ