বটদ্ৰৱাত নৱনিৰ্মিত জিৰণি চ'ৰাৰ শুভ উদ্বোধন...

নৱনিৰ্মিত জিৰণি চ'ৰা আৰু বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত এটি শৌচাগাৰৰ শুভ উদ্বোধন কৰে বিধায়িকা শিৱামনি বৰাই

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত নৱনিৰ্মিত জিৰণি চ'ৰাৰ শুভ উদ্বোধন...

Batadrawa

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ পুৰণা বাছ আস্থানত বৃহস্পতিবাৰে এটি নৱনিৰ্মিত জিৰণি চ'ৰা আৰু বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত এটি শৌচাগাৰৰ শুভ উদ্বোধন কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই।

Advertisment

বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বটদ্ৰৱা পুৰণা বাছ আস্থানত বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ ২০১৪ বিত্তীয় বৰ্ষৰ পুঁজি ৩ লাখ টকা আৰু বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত ২.৫০ লাখ টকা বিধায়ক পুঁজিৰে নিৰ্মাণ হোৱা শৌচালয় শুভ উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত বিধায়িকা শিৱামণি বৰাই কয় যে ৰাইজৰ অভাৱ পূৰণৰ্থে এয়া এক ইতিবাচক পদক্ষেপ। তেওঁ লগতে কয় যে বাটদ্ৰৱা অঞ্চলটোৰ বহু সমস্যা আছে। সেই সমস্যা লাহে লাহে সমাধান কৰিবলৈ আমি চেষ্টা কৰিম।

অনুষ্ঠানত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ সদস্য ক্ৰমে ৱাজেদ আলি চৌধুৰী, বসন্ত দাস, কমলাক্ষ্য দে পুৰকায়স্থ, উৎপল বৰা, চক্ৰধৰ গগৈ, গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন্দ্ৰ নাথ ভৰালীৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিলীপ কুমাৰ সৰকাৰ, সহকাৰী কাৰ্যবাহী অভিযন্তা গিৰিশ বৰুৱা, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ সদস্য জয়ন্ত কুমাৰ বৰুৱা, বিপুল চন্দ্ৰ কৰ, অনুজ বৰুৱা, বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামীৰ লগতে অঞ্চলটোৰ তিনি শতাধিক লোক উপস্থিত আছিল।

Batadrawa