অভিভাৱকহীন হ'ল অসম সমবায় মৰাপাট কল !

এদল ক্ষমতা লোভীৰ খক আৰু দূৰদৰ্শিতাহীনতাৰ ফলশ্ৰুতিত অশনি সংকেট নামি আহিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কললৈ..

author-image
Asomiya Pratidin
New Update
অভিভাৱকহীন হ'ল অসম সমবায় মৰাপাট কল !

the assam co-operative jute mill ltd

ডিজিটেল সংবাদ কলিয়াবৰ: এদল ক্ষমতা লোভীৰ খক আৰু দূৰদৰ্শিতাহীনতাৰ ফলশ্ৰুতিতে অশনি সংকেট নামি আহিছে কলিয়াবৰ মহকুমাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কললৈ ৷ নিজা নিজা গাদী সুৰক্ষিত ৰক্ষাৰ স্বাৰ্থতে উদ্যোগটোৰ একাংশ কৰ্মকৰ্তাই সমবায় আইনৰ সকলো নীতি-নিয়ম জলাঞ্জলি দি বিগত সময়ছোৱাত মৌনতা ব্ৰত অৱলম্বন কৰাৰ পৰিণতিতেই সম্প্ৰতি অভিভাৱক হীন হৈ পৰিছে শিলঘাট মৰাপাট কলটি ৷

Advertisment

উল্লেখ্য যে, সমবায় আইন মতে প্রতি পাঁচ বছৰৰ মূৰে মূৰে সমবায় সমিতিসমূহৰ নতুন পৰিচালনা সমিতি গঠন হ'ব লাগে । তাৰ বাবে পাতিব লাগে নিৰ্বাচন । শিলঘাটস্থিত অসম চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগটোৱে সময়মতে নাপাতিলে নিৰ্বাচন । ফলত গঠন নহ'ল নতুন পৰিচালনা সমিতি ।

১৫ ছেপ্টেম্বৰৰ নিশা ১২ বজাত উকলি গল পুৰণা সমিতিৰ কাৰ্যকাল । সমবায় তথা চৰকাৰী বিধি মতে ভংগ হ'ল পুৰণা সমিতি । ফলশ্ৰুতিত অভিভাৱকহীন হৈ পৰিল কলটি । উল্লেখযোগ্য যে, পুৰণি কল পৰিচালনা সমিতিখনে ছমাহ পূৰ্বৰে পৰা নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ কাৰ্যকাল বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাই আহিছিল যদিও সফল হোৱা নাছিল ।

এই সম্পৰ্কত কল পৰিচালনা সমিতিৰ সদ্য পদত্যাগী সদস্য গজেন শৰ্মাই কয়-মৰাপাট কল পৰিচালনাৰ ক্ষেত্ৰত আমি বৰ্তমান সমবায় নীতিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ম ৷ সমবায় নীতি অনুসৰি পাঁচ বছৰৰ মূৰত অংশীদাৰসকলৰ মাজত সাধাৰন সভা অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছিল ৷ বিগত সময়ছোৱাত ভাল কাম কৰাৰ দোহাই দি পুৰনা পৰিচালনা সমিতিখনকে বাহাল ৰখাৰ যথেষ্ট সম্ভাৱনা থকাৰ পিছটো সেয়া কিয় হৈ নুঠিল সেয়া এক অবুঁজ সাঁথৰ ৷

পৰবৰ্তী তিনিমাহলৈকে অভিভাৱকহীন হৈ পৰা উদ্যোগটোত সংঘটিত হ’ব পৰা হানি-বিঘিনিৰ সকলো দোষ যিহেতু পৰিচালনা সমিতিলৈখনলৈ যোৱাটো স্বাভাবিক । সেয়েহে এই অবৈধ পৰিচালনা মণ্ডলীৰ সদস্য পদৰ পৰা অযথা দোষৰ ভাগ গ্ৰহণ নকৰাৰ মানসিকতাৰে গজেন শৰ্মাই অব্যাহতি লোৱাৰ কথা সাংবাদিকক সদৰী কৰে ৷

বল এতিয়া চৰকাৰৰ হাতত । প্ৰাপ্ত খবৰৰ মতে ক্ষমতাত অধিষ্ঠিত হৈ থাকিবলৈকে চৰকাৰৰ ওচৰত অনুনয় বিননয় কৰিবৰ বাবে পৰিচালনা সমিতিখনৰ এটা দল গুৱাহাটীত বাঁহৰ পাতি আছে ।

জানিব পৰা মতে সমবায় পৰিচালনাৰ নতুন নিয়ম মতে সময়মতে নিৰ্বাচন পাতিব নোৱাৰা সমিতিৰ সদস্যসকলে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে । এই লৈয়ো শংকিত হৈ আছে ক্ষমতা লোভী কেইজন মান সদস্য । অৱশ্যে সকলো কথা নিৰ্ভৰ কৰিব ৰাজ্য চৰকাৰৰ ওপৰত ।

assam koliabor