ধুবুৰীৰ চাপৰত অমানৱীয় উচ্ছেদ আৰু গুলীচালনাক গৰিহণা অসম চিভিল ছ’চাইটিৰ

সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাক ৰক্ষণাবেক্ষণ দিব নোৱাৰা চৰকাৰে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰালৈকে সকলোধৰণৰ উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনায় ৷ 

author-image
Asomiya Pratidin
New Update
336

ডিজিটেল সংবাদ, গুৱাহাটী : ধুবুৰী জিলাৰ চাপৰত মঙলবাৰে উচ্ছেদ চলাবলৈ গৈ চৰকাৰৰ আৰক্ষী বাহিনীয়ে গুলী চালনা কৰাত এজন কৃষক নিহত, দুজন গুৰুতৰভাৱে আহত আৰু দুগৰাকী মহিলা কৃষক উত্তজনাময় পৰিস্থিতি সহিব নোৱাৰাত মৃত্যু হোৱা ঘটনাক অসম চিভিল চ’ছাইটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। লগতে সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাক ৰক্ষণাবেক্ষণ দিব নোৱাৰা চৰকাৰে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰালৈকে সকলোধৰণৰ উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনায় ৷ 

Advertisment

চাপৰত হোৱা উচ্ছেদৰ ক্ষেত্ৰত লক্ষ্য কৰা গৈছে যে উচ্ছেদৰ ভাবুকি পোৱা প্ৰায় সকলো ভীতিগ্ৰস্ত লোকেই নিজৰ ঘৰ-বাৰী ভাঙি নিৰাপদ স্থানলৈ আঁতৰি গৈছিল আৰু প্ৰশাসনৰ বিষয়াই অঞ্চলটো প্ৰায় জনশূণ্য হৈ পৰা বুলি স্বীকাৰো কৰিছিল ৷ অৱশিষ্ট ঘৰবাৰীসমূহ ভাঙিবৰ বাবে শ শ বুলডজাৰ আৰু জেচিবি লগাই যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি কৰাত লোক সকল উত্তেজিত হৈ পৰে আৰু ঘৰ ভঙাত বাধা দিবলৈ লোৱাত আৰক্ষীয়ে গুলীচালনা কৰে ৷ 

হাতত সামান্য বাঁহৰ টাকোন লোৱা নিৰস্ত্ৰ কৃষকসকলক চম্ভালিবলৈ অক্ষম আৰক্ষীৰ হাতত সাধাৰণ কৃষক নিহত আৰু আহত হ’বলগীয়া পৰিস্থিতিৰ বাবে প্ৰশাসনেই দায়ী বুলি ক’ব পাৰি৷ বঙ্গমূলীয় কৃষক অধ্যুষিত অঞ্চলত উচ্ছেদ চলাবলৈ ল’লেই চৰকাৰে লোকসকলক বাংলাদেশী বুলি অভিহিত কৰিব বিচৰা কাৰ্য কোনো অৱস্থাতেই সমৰ্থনযোগ্য নহয় আৰু ৰাজ্য প্ৰশাসনৰ মুৰব্বীজন এনে প্ৰৰোচনাকাৰী আৰু বিভাজনকামী কাৰ্যৰ পৰা আঁতৰি থকা উচিত বুলি অসম চিভিল চ’চাইটিয়ে দাবী কৰে৷ 

অসম চিভিল ছ’চাইটিয়ে বিকল্প সংস্থাপন অবিহনে ধুবুৰীৰ চাপৰকে ধৰি সকলোধৰণৰ উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনায় আৰু চাপৰৰ উচ্ছেদত নিহতসকলৰ নিকটাত্মীয় আৰু আহত আৰু ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায় ৷

assam govt dhuburi