সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদ

 সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ হঠকাৰী কাণ্ডৰ বিৰুদ্ধে ঢকুৱাখনা, কচুৱা, শিৱসাগৰত সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয়

author-image
Asomiya Pratidin
New Update
সাংবাদিক দিলৱাৰক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদঃ আপকু কাৰ্বি আংলং জিলাৰ গৰিহণা

ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ

ডিজিটেল ডেস্ক: সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ হঠকাৰী কাণ্ডৰ বিৰুদ্ধে ঢকুৱাখনাত সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয় । জ্যেষ্ঠ সাংবাদিক অবিবক্তা দিলোৱাৰ হুছেইন মজুমদাৰক চক্ৰান্তমূলক ভাবে গ্ৰেপ্তাৰৰ প্ৰতিবাদত বুধবাৰে ঢকুৱাখনাৰ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঢকুৱাখনাৰ প্ৰেছ গীল্ড কাৰ্যালয়ত সাংবাদিক সকল সমবেত হৈ  অসম আৰক্ষীৰ লগতে এপেক্স বেংক কৰ্তৃপক্ষৰ চক্ৰান্তমূলক আৰু দমনমূলক কাৰ্যৰ একেমুখে প্ৰতিবাদ জনায় ।  ঢকুৱাখনা সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দাবী পত্ৰ প্ৰেৰণ কৰে সাংবাদিক সকলে।

Advertisment

ইফালে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক মুক্তিৰ দাবীত কচুৱাতো প্ৰেছ ক্লাৱৰ প্ৰতিবাদ।সাংবাদিক গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্য্যৰ বিৰুদ্ধে কামপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত কচুৱা প্ৰেছ ক্লাৱৰ সদস্যসকলে সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত চক্ৰ বিষয়াৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সাংবাদিক সকলে।

আনহাতে, বি বি চি নিউজৰ এডিটৰিয়েল লিড এচিয়া পেচিফিক শচীন গগৈয়ে আজি শিৱসাগৰত কলা বেজ পৰিধান কৰি বক্তৃতা প্ৰদান কৰে ৷ শিৱসাগৰ ই-মেডিয়া সংস্থাৰ উদ্যোগত শিৱসাগৰ ছোৱালী কলেজৰ সহযোগত এক কৰ্মশালাত অংশগ্ৰহণৰ বাবে আহিছিল গগৈ। সাংবাদিক কৰ্মশালত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি কৰ্মশালৰ মূল বিষয় বস্তু "বৃত্তি হিচাপে সাংবাদিকতা" বিষয়ত বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে। সংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ সন্দৰ্ভটো গগৈয়ে মন্তব্য প্ৰদান কৰি কয়, "এনে ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত দেশৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে গণতন্ত্ৰৰ প্ৰতি এক অশনি সংকেত দাঙি ধৰে।"

একেদৰে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাক গ্ৰেপ্তাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে শিলচৰ প্ৰেছ ক্লাৱ।‌ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক জনৰ ওপৰত ভুৱা গোচৰ জাপি দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহনা দিছে শিলচৰ প্ৰেছ ক্লাবৰ সম্পাদক শংকৰ দেই। 

আনহাতে, সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে বিশ্বনাথতো সাংবাদিকৰ প্ৰতিবাদ। বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ জনাই। প্ৰতিবাদৰ অন্তত সাংবাদিক গৰাকীক বিনা চৰ্তত মুকলিৰ দাবী তুলি মুখ্যমন্ত্ৰী গৰাকীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

assam journalist দিলোৱাৰ হুছেইন মজুমদাৰ