/asomiyapratidin/media/media_files/2025/05/04/cOGfr1jpp0DZStL8lRMm.jpg)
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকা
ডিজিটেল সংবাদ, গুৱাহাটী : 'ৰাকেশ পালৰ দিনত এপিএছচি কেলেংকাৰীৰ বিষয়ে সৰ্বজনবিদিত। এটা চাকৰিৰ বাবে লাখ লাখ টকা উৎকোচৰ উপৰি বক্রপথ গ্ৰহণ কৰিছিল এচাম যুৱক তথা যুৱতীয়ে। বিজেপিয়ে চৰকাৰ গঠনৰ পাছত ৰাকেশ পালক গ্ৰেপ্তাৰ কৰাৰ লগতে চাকৰিৰ নামত দুৰ্নীতি একেবাৰে নিৰ্মূল কৰা হৈছে ।- এই ভাষ্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
শক্তিশালী পঞ্চায়তীৰাজ, সমৃদ্ধিশালী অসমৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আজি নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত কংগ্ৰেছৰ দিনৰ অৰাজকতা, দুৰ্নীতি, অপশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ মন্ত্ৰী হাজৰীকাই আৰু কয় যে - ৰাকেশ পালৰ দিনৰ চাকৰিৰ বাবে অসমত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ বিষয়ে প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ আছে। কংগ্ৰেছৰ দিনৰ দুৰ্নীতি, অনিয়ম আমি শেষ কৰি স্বচ্ছ প্ৰক্ৰিয়াৰে যোগ্য প্ৰাৰ্থীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিছোঁ। কোনো মন্ত্ৰী-বিধায়কৰ পৰিয়ালৰ লোকে বক্রপথেৰে এই চাকৰি লাভ কৰা নাই।
মন্ত্ৰী হাজৰীকাই সভাত দুখন বিশাল জনসমূদ্ৰক সম্বোধন কৰি দেশপ্ৰেমৰ বিষয়েও উল্লেখ কৰে। মন্ত্ৰী হাজৰীকাই কয় যে, অসমৰ এগৰাকী সাংসদৰ নাবালক সন্তানে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই, ইংলেণ্ডৰ নাগৰিক হৈ আছে। অসমৰ সাংসদ, ভাৰতৰ নাগৰিকজনৰ সন্তানেই যদি আমাৰ দেশৰ নাগৰিকত্ব গ্ৰহণ নকৰে, তেনেহ’লে সাংসদজনৰ দেশপ্ৰেমৰ প্ৰতি সকলোৰে প্ৰশ্ন উদয় হ'ব।
মন্ত্ৰী হাজৰীকাই লগতে কয় যে, বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অভূতপূৰ্ব উন্নয়ন সাধন হৈছে। ৰাইজৰ অফুৰন্ত উৎসাহ-উদ্দীপনা, মৰম-আদৰ তথা সমৰ্থন লাভ কৰি বিজেপি দলৰ কাৰ্যকৰ্তাসকল অভিভূত হৈছে। চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা সৰ্বস্তৰৰ ৰাইজে ভোগ কৰিবলৈ সক্ষম হৈছে। গতিকে পঞ্চায়ত নিৰ্বাচনৰ উপৰি আগন্তুক নিৰ্বাচনতো বিজেপি দলৰ জয় নিশ্চিত বুলি উল্লেখ কৰে।
বিৰোধী দল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক কঠোৰ সমালোচনা কৰি মন্ত্ৰী হাজৰীকাই কয় যে, ভূপেন বৰাই যিমানেই নকওক কিয়, আগন্তুক নিৰ্বাচনটো তেওঁৰ দলে চৰকাৰ গঠন কৰিব নোৱাৰে। সভাই-সমিতিয়ে তেওঁ অহা বছৰ চৰকাৰী বাহনত ঘূৰিব বুলি কৈ থাকে কথাবিলাক তেওঁৰ অলীক কল্পনা মাথোঁ।