Advertisment

এইবাৰ ৰেফ্ৰিজেৰেটৰ যোগানৰ নিবিদাৰ নামত এএমএছচিৰ অদ্ভূত চৰ্ত

ৰাজ্যৰ স্বাস্থ্য বিভাগত পূৰ্ণ মাত্ৰাত সংঘটিত হৈ আছে অনিয়ম। চৰকাৰী নীতি-নিয়মক বিসৰ্জন দি নিৰ্দিষ্ট প্ৰতিষ্ঠানক ঠিকা দিবলৈ প্ৰস্তুত কৰে নিবিদাৰ অদ্ভূত নিয়ম। ২০ লাখ টকীয়া ব্লাড বেংকৰ ৰেফ্ৰিজেৰেটৰ যোগান ঠিকাৰ নিবিদাৰ নামত কি কৰিছে এইবাৰ আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন লিমিটেডে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ স্বাস্থ্য বিভাগত সংঘটিত অনিয়মৰ তৃতীয়খন প্ৰতিবেদন...

author-image
Asomiya Pratidin
New Update
১

আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন লিমিটেডৰ কাহিনী কৈ থাকিলে ওৰকে নপৰে। স্বাস্থ্য বিভাগৰ বিভিন্ন সামগ্ৰী আৰু যন্ত্ৰ-পাতি এই প্ৰতিষ্ঠানৰ জৰিয়তে নিবিদা আহ্বান কৰি ক্ৰয় কৰা হয়। তাৰেই সুযোগ লৈ আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন লিমিটেডত কৰ্মৰত একাংশ শীৰ্ষ বিষয়াই প্ৰতিষ্ঠানটোক তেওঁলোকৰ বাবে সোণৰ কণী পৰা হাঁহ কৰি পেলাইছে।

Advertisment

কেৱল কমিছনৰ অংকত ব্যস্ত থকা সেই সকল বৰমূৰীয়াৰ ইচ্ছাত সলনি হৈ যায় নিবিদাৰ নিয়ম।এচাম পুঁজিপতি আৰু মনে বিচৰা প্ৰতিষ্ঠানক যোগান ঠিকা দিবলৈ যেন বহি আছে এই সকল বিষয়া। এম আৰ আই মেচিন ক্ৰয়ৰ নিবিদাত কিদৰে অনিয়ম সংঘটিত কৰিছিল সেই তথ্য অসমীয়া প্ৰতিদিন ডিজিটেলে ইতিমধ্যে ফাদিল কৰিছে। 

এইবাৰ আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন লিমিটেডে ব্লাড বেংকৰ বাবে ৰেফ্ৰিজেৰেটৰ ক্ৰয়ৰ বাবে আহ্বান কৰিছে ই টেণ্ডাৰ। যিখন নিবিদাৰ ৰেফাৰেন্স নম্বৰ AMSC-EQUIOPRO/27/2024 EQUPPROASNC/4/ECF-478930। ২১ নৱেম্বৰ ২০২৪ ত প্ৰকাশ কৰা এই নিবিদাত ব্লাড বেংকৰ বাবে ৩ ধৰণৰ ৰেফ্ৰিজেৰেটৰ যোগানৰ বাবে আগ্ৰহী প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰা হৈছে।

১১ ডিচেম্বৰ ২০২৪ ৰ আবেলি ৪.৩০ বজাত এই নিবিদাৰ টেকনিকেল ইভালোৱেচনৰ বাবে মুকলি কৰা হ'ব। সেইদিনা বিয়লি ২ বজালৈকে আগ্ৰহী প্ৰতিষ্ঠানে এই অনলাইন নিবিদাৰ অংশ ল'ব পাৰিব। স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন চিকিতসালয়ৰ ব্লাড বেংকৰ বাবে ৰিয়েজন্ট ৰেফ্ৰিজেৰেটৰ, ড'মেষ্টিক ৰেফ্ৰিজেৰেটৰ আৰু আইচিই লিংক ৰেফ্ৰিজেৰেটৰ ক্ৰয় কৰিবলৈ এই নিবিদা আহ্বান কৰিছে।

নিবিদাত এই কথা উল্লেখ আছে যে,  ৰাজ্য চৰকাৰৰ নিয়ম অনুসৰি মাইক্ৰ',স্মল এণ্ড মেডিয়াম এন্টাৰপ্ৰাইজ ডেভেলপমেন্ট এক্ট ২০০৬ অনুসৰি তেনে প্ৰতিষ্ঠান সমূহক অগ্ৰাধিকাৰ দিয়া হ'ব। সেই কথা উল্লেখ থাকিলেও এই নিবিদাৰ বাবে আৰ্থিক সক্ষমতাৰ পৰিসৰ যোৱা ৩ বছৰত ২০ কোটিৰো বেছি হব লাগিব বুলি চৰ্ত দিয়াত এমএছএমই কোনো প্ৰতিষ্ঠানে এই নিবিদাত অংশ ল'ব পৰা পথ ইতিমধ্যে বন্ধ হৈ পৰিছে।

যি সময়ত প্ৰধানমন্ত্ৰী মোডীয়েও মেক-ইন-ইণ্ডিয়াৰ জৰিয়তে দেশৰ লঘু আৰু মজলীয়া উদ্যোগ সমূহক অনুপ্ৰাণিত কৰিছে সেই সময়ত আছাম মেডিকেল চাৰ্ভিছ কোৰ্প'ৰেচন লিমিটেডে গ্ৰহণ কৰিছে এনে হঠকাৰী নীতি। ৩ টা বছৰত এনে উদ্যোগৰ বা প্ৰতিষ্ঠানৰ টাৰ্ণ অভাৰ কোনো কাৰণতে ২০ কোটি টকা নহয়। তাৰ সুযোগ গ্ৰহণ কৰি পুঁজিপতি কোম্পানী তথা প্ৰতিষ্ঠানক যাতে এই ঠিকা দিব পাৰে তাৰ বাট এনে অদ্ভূত চৰ্তৰে মুকলি কৰি লৈছে।

৮ টা ব্লাড বেংক ৰেফ্ৰিজেৰেটৰ, ৬ টা ৰিজেন্ট ৰেফ্ৰিজেৰেটৰ,৪ টা ডমেষ্টিক ৰেফ্ৰিজেৰেটৰ আৰি দুটা আইচ লাইন ৰেফ্ৰিজেৰেটৰ যোগানৰ ঠিকাৰ বাবে এই নিবিদা আহ্বান কৰা হৈছে। যিবোৰৰ মূল্য ২০ লাখ টকাৰো বেছি নহয়। সেই ২০ লাখ টকাৰ ঠিকাৰ বাবে এতিয়া ২০ কোটি টকাৰ টাৰ্ণ অভাৰ থকা প্ৰতিষ্ঠানে এই নিবিদাত অংশ ল'ব পাৰিব বুলি দিয়া চৰ্তই প্ৰমাণ কৰে ইয়াৰ অন্তৰালৰ কাৰণ কি।

অতি বেছি ৫ ৰ পৰা ১০ কোটি টকাৰ টাৰ্ণ অভাৰ থকা প্ৰতিষ্ঠানে বা কোম্পানীয়ে এই নিবিদাত অংশ ল'ব পৰাৰ সুযোগ দিব পাৰিলে হেতেন যদিও আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন লিমিটেডে সেয়া নকৰিলে। ইফালে এই নিবিদাত অংশ ল'ব বিচৰা প্ৰতিষ্ঠান তথা কোম্পানীয়ে যোৱা ৩ বছৰত ২৪ টা ব্লাড বেংক ৰেফ্ৰিজেৰেটৰ,১৮ টা ৰিজেন্ট ৰেফ্ৰিজেৰেটৰ,১২ টা ডমেষ্টিক ৰেফ্ৰিজেৰেটৰ আৰু ১১ টা আইচ লিংক ৰেফ্ৰিজেৰেটৰ যোগান দিয়াৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

স্বাস্থ্য বিভাগত নিবিদাৰ নামত এচামক সন্তুষ্ট কৰিবলৈ এনেদৰে অদ্ভূত নীতি-নিয়ম ধাৰণ কৰা লৈ স্থানীয় উদ্যোগী সকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্বাস্থ্য বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীক হস্তক্ষেপৰো দাবী তুলিছে। এনেকৈয়ে এতিয়া চলি আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ আ্ৰৰু আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন লিমিটেড।

নিবিদা