দুদিনৰ বাবে ভক্তক কেদাৰনাথ ধামলৈ যোৱাত নিষেধাজ্ঞা প্ৰশাসনৰ

ৰাজ্যখনৰ ৰুদ্ৰপ্ৰয়াগ জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে তীব্ৰ প্ৰত্যাহ্বানে দেখা দিছে কেদাৰনাথ ধাম যাত্ৰাত ৷ তীৰ্থযাত্ৰীসকলে খোজকাঢ়ি যোৱা পথটো ক্ৰমাৎ হৈ পৰিছে বিপদজনক । আনহাতে, মধ্যমহেশ্বৰ উপত্যকাতো হৈছে ধাৰাসাৰ বৰষুণ ৷

author-image
Asomiya Pratidin
New Update
31

ডিজিটেল ডেস্ক : প্ৰকৃতিৰ ৰোষত পৰিছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড ৷ শেহতীয়াকৈ ৰাজ্যখনত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত হোৱা বিস্তৰ ক্ষয়-ক্ষতিয়ে ৰাজ্যখনৰ পৰিৱেশ- পৰিস্থিতিয়েই সলনি কৰি দিছে।

ৰাজ্যখনৰ ৰুদ্ৰপ্ৰয়াগ জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে তীব্ৰ প্ৰত্যাহ্বানে দেখা দিছে কেদাৰনাথ ধাম যাত্ৰাত ৷ তীৰ্থযাত্ৰীসকলে খোজকাঢ়ি যোৱা পথটো ক্ৰমাৎ হৈ পৰিছে বিপদজনক । আনহাতে, মধ্যমহেশ্বৰ উপত্যকাতো হৈছে ধাৰাসাৰ বৰষুণ ৷

যাৰ বাবে আগন্তুক দুদিনলৈ বন্ধ ঘোষণা কৰা হৈছে কেদাৰনাথ আৰু মধ্যমহেশ্বৰ যাত্ৰা ৷ ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ ৭ আৰু ৮ আগষ্ট এই দুটা দিনত ভক্তসকলক কেদাৰনাথ ধামলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। 

সম্প্ৰতি উত্তৰাখণ্ডৰ ঠায়ে ঠায়ে অব্যাহত আছে প্ৰবল বৃষ্টিপাত ৷ যাৰ বাবে কোনো কোনো অঞ্চলত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে ৷ 

পাহাৰৰ পৰা খহি অহা মাটি-শিলে পথ বন্ধ কৰাত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকলৰ লগতে তীৰ্থযাত্ৰীসকলো ৷ বিশেষকৈ খোজকাঢ়ি মন্দিৰসমূহলৈ যোৱা যাত্ৰীয়ে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ যাৰ বাবে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগা হয় ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগতীয়া খবৰ অনুসৰি আগন্তুক দিনসমূহৰ বাবে জাৰি কৰা হৈছে সতৰ্কতা । বিশেষকৈ খোজকাঢ়ি পাৰ হ’বলগীয়া কেদাৰনাথ অভিমুখী পথটোৰ বিভিন্ন স্থানত প্ৰকাণ্ড প্ৰকাণ্ড শিল পৰি থকাৰ ফলতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে ।
আনহাতে নদীৰ পাৰলৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে। বৃষ্টিপাতৰ ফলত ৰুদ্ৰপ্ৰয়াগৰ অলকানন্দা নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে ৷ যাৰ ফলত নদীৰ পাৰত অৱস্থিত আটাইকেইটা ঘাট আৰু ৰাস্তা সম্প্ৰতি পানীত ডুব গৈছে । নদীৰ পাৰত বসবাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী-প্ৰশাসনে ৷

কেদাৰনাথ