/asomiyapratidin/media/media_files/2025/07/11/373-2025-07-11-13-38-27.jpg)
ডিজিটেল ডেস্ক : মানসিক অশান্তি, তীব্ৰ হেঁচা আদি বুকুত লৈ অকাল মৃত্যুক আঁকোৱালি ল’লে এগৰাকী অভিনেত্ৰীয়ে। অভিনেত্ৰীগৰাকীয়ে বাস কৰা ফ্লেটত উদ্ধাৰ হৈছে অৰ্ধগলিত অৱস্থাত থকা তেওঁৰ মৃতদেহ।
উল্লেখযোগ্য যে, আৰক্ষীয়ে অনুসন্ধান কৰি পাকিস্তানৰ অভিনেত্ৰী হুমাইৰা আছঘৰৰ প্ৰায় ৬ মাহ পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। কিয়নো দীৰ্ঘদিন ধৰি ৩২ বছৰীয়া অভিনেত্ৰীগৰাকীৰ সৈতে কোনও যোগোযোগ কৰিব পৰা নাছিল।
তাৰোপৰি তেওঁৰ ফ্ৰীজত সাঁচি থোৱা পাওৰুটি, শীতল পানীয় আদি প্ৰস্তুতৰ তাৰিখ আজিৰ পৰা ৬ মাহ আগৰ। এই তথ্যৰ ভিত্তিতে আৰক্ষীয়ে হুমাইৰাৰ মৃত্যু ৬মাহ পূৰ্বে হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, চুবুৰীয়া আবাসীৰ ভাষ্য অনুসৰি হুমাইৰাই ফ্লেটটোত অকলে বাস কৰিছিল। তাৰোপৰি অভিনেত্ৰীগৰাকীৰ দেউতাক তথা পৰিয়ালৰ সৈতে নাছিল কোনো সম্পৰ্ক।
আনহাতে তীব্ৰ আৰ্থিক নাটনিতো ভুগিছিল তেওঁ। যাৰ বাবে ফ্লেটৰ ভাৰা আদায় দিব নোৱাৰাত আদালতৰ পৰা জাননীপৰ্যন্ত প্ৰেৰণ কৰিছিল।
এই সকলো সমস্যাৰ সন্মুখীন হৈ তেওঁ মানসিক অশান্তিত ভুগিছিল। ইতিমধ্যে আজি দুদিন পূৰ্বে তেওঁৰ অৰ্ধগলিত মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে। অৱশ্যে হুমাইৰাৰ মৃতদেহ পৰিয়ালে চমজি ল’বলৈ অমান্য হোৱা বুলি আৰক্ষীয়ে সদৰী কৰে।